নতুন ছবি "বীস্ত"ৰ ছেটত অভিনেতা বিজয়ক সাক্ষাৎ তাৰকা ক্ৰিকেটাৰ ধোনীৰ

বীস্ত (Beast) হৈছে নেলছন দিলীপ কুমাৰৰ দ্বাৰা চিত্ৰনাট্য ৰচিত আৰু পৰিচালিত এখন নতুন ছবি ৷
নতুন ছবি "বীস্ত"ৰ ছেটত অভিনেতা বিজয়ক সাক্ষাৎ তাৰকা ক্ৰিকেটাৰ ধোনীৰ
Published on: 

নতুন ছবি "বীস্ত"-ৰ শ্বুটিং চলি থকাৰ সময়ত তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে অভিনেতা বিজয়ক সাক্ষাৎ কৰে । ছবিখনৰ চেন্নাইত শ্বুটিং চলি থকাৰ সময়ত ছবিৰ ছেটতে দক্ষিণৰ জনপ্ৰিয় অভিনেতাজনক সাক্ষাৎ কৰে ধোনীয়ে ৷

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনীয়ে তামিল চুপাৰষ্টাৰ বিজয়ৰ ছবি "বীস্ত"ৰ ছেটত উপস্থিত হয়।

উল্লেখ যে আই পি এলৰ চেন্নাই চুপাৰ কিংছ দলৰ অধিনায়ক হোৱাৰ সুবাদত ধোনীৰ সৈতে চেন্নাইৰ জনসাধাৰণৰ এক বিশেষ সম্পৰ্ক আছে ।আনকি তেওঁক চেন্নাইৰ স্থানীয় লোকে মৰমতে 'থালা' নাম দিছিল ৷ এই নাম দক্ষিণৰ আন এজন জনপ্ৰিয় অভিনেতা অজিতৰ ক্ষেত্ৰত ব্যৱহৃত শব্দ ।

উল্লেখ্য যে বীস্ত (Beast) হৈছে নেলছন দিলীপ কুমাৰৰ দ্বাৰা চিত্ৰনাট্য ৰচিত আৰু পৰিচালিত আৰু চান পিকচাৰ্ছৰ দ্বাৰা প্ৰযোজিত এখন নতুন ছবি ৷ ছবিখনে এতিয়াও মুক্তি লাভ কৰা নাই। ছবিখন তামিল ভাষাৰ একচন চলচ্চিত্ৰ। ছবিখনত বিজয় আৰু পূজা হেগড়ে, যোগী বাবু, ভিটিভি গণেশ, অপৰ্ণা দাস, লিলিপুট ফাৰুকুই আদিয়ে অভিনয় কৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com