Begin typing your search above and press return to search.

লাৰা দত্তলৈ কৃতজ্ঞতা ভৰা বাৰ্তা অভিনেত্ৰী দিয়া মিৰ্জাৰ

লাৰা দত্তলৈ কৃতজ্ঞতা ভৰা বাৰ্তা অভিনেত্ৰী দিয়া মিৰ্জাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Oct 2021 8:53 AM GMT

অতীতৰ কিছু ভাললগা স্মৃতি পুনৰ এবাৰ ৰোমন্থন কৰে অভিনেত্ৰী দিয়া মিৰ্জাই। আৰু সোঁৱৰণ কৰে "মিছ ইউনিভাৰ্ছ" প্ৰতিযোগিতাত লাৰা দত্তই এটা প্ৰশ্নত দিয়া এটি বিশেষ উত্তৰ।

অভিনেত্ৰী দিয়া মিৰ্জাই নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰে লাৰা দত্তক ক্ৰাউন পিন্ধাই থকা এখনি ফটো যাৰ লগতে "মাই গাৰ্ল" বুলি দুটি মৰমৰ ভাষ্য আৰু সংলগ্ন কৰে এটি ৰঙা হাৰ্ট ইমজি।






উক্ত পোষ্টত উল্লেখিত আছে লাৰা দত্তৰ সেই প্ৰত্যুত্তৰটি। য'ত তেওঁ কৈছে, "কোনেও মনত নাৰাখে তুমি কি পিন্ধিছিলা, বা দেখাত কেনেকুৱা লাগিছিলা। মানুহে কেৱল তোমাৰ ব্যৱহাৰ মনত ৰাখিব। তেওঁৰ প্ৰতি তোমাৰ আচৰণ কেনেকুৱা আছিল আৰু নিজৰ সেই কিম্বদন্তি তুমি নিজৰ পাছত এৰি থৈ যাবা"।

তদুপৰি এনে প্ৰতিযোগিতাৰ বিৰুদ্ধে যুঁজি থকা সকলক উদ্দেশ্য কৰি লাৰা দত্তই কৈছিল যে, "এনেধৰণৰ প্ৰতিযোগিতা সমূহে মহিলা সকলক নিজৰ প্ৰতিভা দেখুওৱাৰ বাবে এখন মঞ্চ দিয়ে, ঠিক একেদৰে যিদৰে ৰাজনীতি বা সশস্ত্ৰ বলে দিয়ে। এনেধণৰ মঞ্চ সমূহে মহিলা সকলক নিজৰ হৈ মাত মাতিবলৈ শিকাই, আৰু স্বতন্ত্ৰ আৰু সাহসী কৰি তোলে, ঠিক আমি আজি হোৱাৰ দৰে"।


আৰু পঢ়িব পাৰেঃ ৬ ঘণ্টাৰ গোলকীয় বিভ্ৰাটৰ পিছত ঘূৰি আহিল ৱাটছএপ, ইনষ্টাগ্ৰাম, ফেচবুক

Next Story
চাকৰি