Begin typing your search above and press return to search.
বিশ্ব হস্তী দিৱসত পুত্ৰৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিলে দিয়া মিৰ্জাই
এই ফটোৰ দ্বাৰা তেওঁ "ৱৰ্ল্ড এলিফেন্ত ডে" বা বিশ্ব হস্তী দিৱস উদযাপন কৰাৰ কথা বুজাইছে।

By :
সুকীয়া বৈশিষ্টৰে কালি অভিনেত্ৰী দিয়া মিৰ্জাই পালন কৰিলে বিশ্ব হস্তী দিৱস। কালি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্রামত শ্বেয়াৰ কৰে তেওঁৰ কনমানি পুত্ৰৰ প্ৰথমখন ছবি। এই ফটোৰ দ্বাৰা তেওঁ "ৱৰ্ল্ড এলিফেন্ত ডে" বা বিশ্ব হস্তী দিৱস উদযাপন কৰাৰ কথা বুজাইছে।
মোহময়ী অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্রামত মুঠ দুখন ফটো শ্বেয়াৰ কৰিছে। ইয়াৰে প্ৰথমখনত তেওঁ নিজেই সোঁহাতত মুখ গুজি বহি আছে আৰু দ্বিতীয় ফটোখন তেওঁৰ পুত্ৰৰ।
উক্ত ফটোত তেওঁ কণমানি পুত্ৰক পিন্ধাইছে এটি হাতীৰ ছবি থকা বগা কাপোৰ আৰু ফটোখনত লিখিছে : "আমি "ৱৰ্ল্ড এলিফেন্ত ডে"উদযাপন কৰিছো।
উল্লেখ্য যে প্ৰতিবছৰে ১২ আগষ্টত বিশ্ব হস্তী দিৱস পালন কৰা হয়।
Next Story