ভূত-অশৰীৰিৰ চলচ্চিত্ৰ ভাল পায় নেকি আপুনি ? চালে পাব ৯৫,৫০০ টকা !

এজন ব্যক্তিয়ে ফিটবিট পিন্ধি ভৌতিক চিনেমা চাব লাগিব, যিয়ে ব্যক্তিজনৰ হৃদস্পন্দন নিৰীক্ষণ কৰিব।
ভূত-অশৰীৰিৰ চলচ্চিত্ৰ ভাল পায় নেকি আপুনি ? চালে পাব ৯৫,৫০০ টকা !
Published on

বহুতে ভূত বা অশৰীৰিৰ চিনেমা চাই ভাল পায় ৷ কিন্তু এনে ছবি চালে বহুজনৰ আকৌ ভয়ত হাত-ভৰি পৰ্যন্ত কঁপে ৷ ভূত বা অশৰীৰিৰ চিনেমা চাই ভালপোৱাসকলৰ বাবে এটা সুখবৰ ! এনে চিনেমা চোৱা লোকক ৯৫, ৫০০ টকা দিব আমেৰিকাৰ এটা কোম্পানীয়ে ৷ কোম্পানীটোৱে ১৩ টা ফ্লিক চাবলৈ আপোনাক ৯৫,৫০০ টকা পৰিশোধ কৰিব ।

ফাইনান্সবুজ নামৰ এই কোম্পানীয়ে ভৌতিক চলচ্চিত্ৰ হাৰ্ট ৰেট বিশ্লেষকৰ চাকৰিৰ বাবে ১,৩০০ আমেৰিকান ডলাৰ (প্ৰায় ৯৫,৫০০টকা) ঘোষণা কৰিছে। এনে এজন ব্যক্তিয়ে ফিটবিট পিন্ধি ভৌতিক চিনেমা চাব লাগিব, যিয়ে ব্যক্তিজনৰ হৃদস্পন্দন নিৰীক্ষণ কৰিব।

বাছনিকৃতসকলে চিনেমাবোৰৰ ৰেংকিং কৰাৰ সুবিধাও পাব ৷ ফাইনান্সবুজে এখন সংবাদমেলত বিতংভাৱে জনায়।

যিকোনো ভৌতিক ধাৰাৰ ছবি ভালপোৱাসকলৰ মনত কোম্পানীটোৰ এই ঘোষণাই কৌতূহলৰ সৃষ্টি কৰিছে ।

কোম্পানীটোৰ বিজ্ঞপ্তি অনুসৰি কোম্পানীটোৱে কিছুমান বজাৰ গৱেষণা কৰিবলৈ এনে এক অস্বাভাৱিক স্থিতি পূৰণ কৰিব বিচাৰিছে ৷ ইয়াৰ উদ্দেশ্য বৃহৎ বাজেটৰ ভৌতিক চলচ্চিত্ৰবোৰে কম বাজেটৰ চিনেমাবোৰতকৈ দৰ্শকৰ মনত অধিক ভয়ৰ সৃষ্টি কৰে নে নকৰে, সেয়া ঠাৱৰ কৰা ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com