নৱেম্বৰত ছবিগৃহলৈ দুলকোৱেৰ ছলমান অভিনীত "কুৰূপ"

শ্ৰীনাথ ৰাজেন্দৰন নিৰ্দেশিত এই ছবিত মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব দুলকোৱেৰ ছলমানক
নৱেম্বৰত ছবিগৃহলৈ দুলকোৱেৰ ছলমান অভিনীত "কুৰূপ"
Published on: 

অহা নৱেম্বৰত  ছবিগৃহত মুক্তি পাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে দুলকোৱেৰ ছলমান অভিনীত এখন অভূতপূৰ্ব ছবি "কুৰূপ"। প্ৰথম অৱস্থাত ছবিখন OTT প্লেটফৰ্মযোগে মুক্তি কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও পৰবৰ্তী সময়ত নিৰ্মাতাই  ছবিগৃহত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিশিষ্ট এন্টাৰটেইনমেন্ট ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ শ্ৰীধৰ পিল্লায়ে যোৱা বুধবাৰে টুইটাৰযোগে ছবিখনৰ বিষয়ে সদৰী কৰে।

শ্ৰীনাথ ৰাজেন্দৰন নিৰ্দেশিত এই ছবিত মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব দুলকোৱেৰ ছলমানক আৰু লগতে আছে সভিত ঢলাপিয়া, ইন্দ্ৰজিৎ সুকুমাৰণ, ছাইন টম চাক্কো, ছানি ৱায়ন, আৰু ভাৰত নিবাস। ছবিখনৰ কাহিনী ভাগ কেৰেলাৰ যশস্বী গুণ্ডা, সুকুমাৰ কুৰুপৰ জীৱনৰ ওপৰত আধাৰিত হ'ব বুলি জানিবলৈ পোৱা গৈছে।

ছবিখনৰ প্ৰযোজনাত আছে ৱায়ফাৰেৰ ফিল্মছ, আৰু এম্. ষ্টাৰ এন্টাৰটেইনমেন্টছ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com