৩৬কোটি টকাত বিক্ৰী হ'ল ইমৰান হাছমীৰ পৰৱৰ্তী ছবি

ইমৰান অভিনীত এই নতুন ছবিৰ নাম ৰখা হৈছে "ডাইব্বুক" আৰু এই ছবিয়ে মুক্তি পাব এটা অ' টি টি প্লেটফৰ্মত।
৩৬কোটি টকাত বিক্ৰী হ'ল ইমৰান হাছমীৰ পৰৱৰ্তী ছবি
Published on

নিজৰ শেহতীয়া ছবি "চেহৰে"ৰ বাবে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম চোৱা অভিনেতা ইমৰান হাছমি বৰ্তমানে ব্যস্ত তেওঁৰ পৰৱৰ্তী ছবিৰ চিত্ৰগ্ৰহণত। চুপাৰহিট ছবি "এজৰা"ৰ মালায়ালাম ৰিমেকত এইবাৰ দেখিবলৈ পোৱা যাব  অভিনেতাগৰাকীক।

সূত্ৰৰ মতে, ইমৰান অভিনীত এই নতুন ছবিৰ নাম ৰখা হৈছে "ডাইব্বুক" আৰু এই ছবিয়ে মুক্তি পাব এটা  অ' টি টি প্লেটফৰ্মত। এই  প্লেটফৰ্মত  এই ছবি বিক্ৰী হৈছে ৩৬কোটি টকাত। জানিব পৰা মতে ছবিখনৰ নিৰ্মাতাই পোনপ্ৰথমে এই ছবি ছবিগৃহত মুকলি কৰাৰ কথা ভাবিছিল যদিও বৰ্তমান চলিত মহামাৰী সমস্যাৰ বাবে ইয়াক অ' টি টি প্লেটফৰ্মত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।  ছবিখনে চলিত  বছৰতে মুক্তি পোৱাৰ কথা।

 এটা অলৌকিক ঘটনাক  আধাৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে।  ছবিখনৰ পৰিচালনা জয় কৃষ্ণনৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com