Begin typing your search above and press return to search.

সকলোকে টিকাকৰণ তথা মাস্ক পৰিধান কৰিবলৈ আহ্বান গুগল ডুডলৰ

আজিৰ এনিমেটেড গুগল ডুডলৰ সকলোবোৰ মুখা পিন্ধা দেখা গৈছে, আৰু কোভিড-১৯ ভেকছিন গ্ৰহণ কৰাৰ পিছত আনন্দিত হোৱা দেখা গৈছে।

সকলোকে টিকাকৰণ তথা মাস্ক পৰিধান কৰিবলৈ আহ্বান গুগল ডুডলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Oct 2021 9:44 AM GMT

গুগল ডুডলে ১৬ অক্টোবৰত এটা গ্ৰাফিক প্ৰকাশ কৰিছে ।

ইয়াৰ জৰিয়তে সকলোকে টিকাকৰণ কৰিবলৈ আৰু মাস্ক পিন্ধিবলৈ আৰু নিজৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। আজিৰ এনিমেটেড গুগল ডুডলৰ সকলোবোৰ মুখা পিন্ধা দেখা গৈছে, আৰু কোভিড-১৯ ভেকছিন গ্ৰহণ কৰাৰ পিছত আনন্দিত হোৱা দেখা গৈছে।

ভাৰতে যোৱা ২৪ ঘণ্টাত (১৫ অক্টোবৰ) ১৬,৮৬২ টা নতুন কোভিড-১৯ গোচৰ পঞ্জীয়ন কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নতুন ঘটনাৰ সৈতে, দেশৰ সামগ্ৰিক কেছলোড ৩,৪০,৩৭,৫৯২ লৈ বৃদ্ধি হৈছে ।

সৰ্বাধিক সংখ্যক কোভিড-১৯ গোচৰ পঞ্জীয়ন কৰা পাঁচখন ৰাজ্য হৈছে ৯,২৪৬ টা গোচৰৰ সৈতে ভাৰত, তাৰ পিছত আছে ২,৩৮৪ টা গোচৰৰ সৈতে মহাৰাষ্ট্ৰ, ১,২৫৯ টা গোচৰৰ সৈতে তামিলনাডু, ৯০১ টা গোচৰৰ সৈতে মিজোৰাম, ৫৪০ টা গোচৰৰ সৈতে অন্ধ্ৰ প্ৰদেশ।


আৰু পঢ়িব পাৰেঃ বিবাহ বাৰ্ষিকীত চেইফ আলী খানৰ সৈতে নেদেখা ছবি শ্বেয়াৰ কৰীণা কাপুৰৰ

Next Story
চাকৰি