মুখমণ্ডল কেনেদৰে মোহনীয়-আকৰ্ষণীয় কৰি ৰাখে বলীউড সুন্দৰী তামান্নাই

তেওঁ মুখত প্ৰয়োগ কৰা আটাইতকৈ আচৰিত দ্ৰব্যটো হৈছে তেওঁৰ নিজৰ মুখৰ লেলাৱতি
মুখমণ্ডল কেনেদৰে মোহনীয়-আকৰ্ষণীয় কৰি ৰাখে বলীউড সুন্দৰী তামান্নাই
Published on

প্ৰতিগৰাকী চেলিব্ৰেটিৰ ৰূপ-সৌন্দৰ্য চৰ্চাই প্ৰায় সকলো মহিলাক আকৰ্ষণ কৰে । সাধাৰণতে প্ৰায় সকলো অভিনেতা-অভিনেত্ৰীয়ে শৰীৰৰ বিশেষ যতন লোৱাৰ উপৰি সৌন্দৰ্য চৰ্চাত বিশেষ গুৰুত্ব দিয়ে। ব্যতিত্ৰক্ৰম নহয়, বলিউডৰ চেনিব্ৰেটীসকলো। আমি চেলিব্ৰেটিসকলৰ মুখৰ ছালৰ সৌন্দৰ্য দেখি প্ৰায়ে আচৰিত হওঁ । মুখমণ্ডল সুন্দৰ তথা আকৰ্ষণীয় কৰি ৰাখিবলৈ  তেওঁলোকে কেনেকৈ ছালৰ যত্ন লয়, এই বিষয়ে জানিবলৈ আগ্রহী হওঁ । নহয় জানো ?

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই শেহতীয়া এটা সাক্ষাৎকাৰত তেওঁ সৌন্দৰ্য চৰ্চা কৰোতে মুখমণ্ডলত প্ৰয়োগ কৰা এটা বিশেষ দ্ৰব্যটোৰ কথা প্ৰকাশ কৰিছে। এই কথা মানি লবলৈ আপুনি অসন্মত হ'ব পাৰে, কিন্তু প্ৰকৃততে সত্য ।

তামান্নাই কয় যে যদি ছালৰ সমস্যাই দেখা দিয়ে মহিলাসকলে চিকিৎসকৰ পৰা পৰামৰ্শ ল'ব লাগে । তেওঁ মুখত প্ৰয়োগ কৰা আটাইতকৈ আচৰিত দ্ৰব্যটে হৈছে তেওঁৰ নিজৰ মুখৰ লেলাৱতি । বাহুবলীত অবিনয়ৰ জৰিয়তে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰীগৰাকীয়ে লগতে কয়, "এই কথা সম্ভৱতঃ আপোনাৰ শুনিবলৈ আচহুৱা লাগিব পাৰে, কিন্তু ই প্ৰকৃততে কাম কৰে।"

আনহাতে, শেহতীয়াকৈ তামান্নাক আকৰ্ষণীয় ৰূপত দেখিবলৈ পোৱা গৈছিল নৱেম্বৰ ষ্টৰীত ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com