মই ভালদৰে জানো মোক কি নালাগেঃ বাণী কাপুৰ

উল্লেখ্য যে ২০১৩ চনত সুশান্ত সিং ৰাজপুতৰ সৈতে ছবি জগতত ভৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে।
মই ভালদৰে জানো মোক কি নালাগেঃ বাণী কাপুৰ
Published on

তুলনামূলকভাবে কমসংখ্যক ছবিত অভিনয় কৰিলেও অভিনেত্ৰী বাণী কাপুৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ২০১৩ চনত সুশান্ত সিং ৰাজপুতৰ সৈতে ছবি জগতত ভৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে। তেওঁক বহু কম ছবিতে দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াক লৈ কোনো ধৰণৰ আক্ষেপ নাই তেওঁৰ।

নিজৰ কাম কৰা ধৰণক লৈ তেওঁৰ মন্তব্য হ'ল, " আৰম্ভণিৰে পৰা মই জানো যে মই কেনকুৱা ধৰণৰ ছবিত কাম কৰিব বিচাৰো। মই ভালদৰে জানো মোক কি নালাগে , আৰু এই কথাটোৱে মোক ছবি এখন বাছনি কৰাত সহায় কৰে"। তেওঁ লগতে কয় যে তেওঁ সঠিক তথা মন পচ্ছন্দৰ ছবি বাছনিৰ বাবে অপেক্ষা কৰে। তেওঁ কয় যে তেওঁ ধৈৰ্য নধৰা হ'লে "সমশ্বেৰা" আৰু "বেফিক্ৰে" নিচিনা ছবিত অভিনয়ৰ সুযোগ নাপায়। পৰিণতিত শ্ৰেষ্ঠ অভিনেতা আৰু পৰিচালকসকলৰ লগত কাম কৰাৰ সুযোগ তেওঁ নাপালেহেঁতেন।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com