Begin typing your search above and press return to search.

গৰ্ভৱতী আবেদনময়ী পুনম পাণ্ডে ! কিমান দূৰ সত্য : প্ৰতিক্ৰিয়া

তেওঁ কয় যে তেওঁ 'তেওঁলোকৰ বৈবাহিক সম্পৰ্ক ৰক্ষা কৰিছে ।

গৰ্ভৱতী আবেদনময়ী পুনম পাণ্ডে ! কিমান দূৰ সত্য : প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-06-22T14:27:43+05:30

মুকলি নগ্নতাকে ধৰি বিতৰ্কিত কামৰ বাবে প্ৰায়ে চৰ্চাত থাকে আবেদনময়ী মডেল-অভিনেত্ৰী পুনম পাণ্ডে । এইবাৰ কিন্তু আন এক বাতৰিয়েহে তোলপাৰ লগাইছে বলিউডৰ মনোৰঞ্জন জগতত । পুনম গৰ্ভৱতী হোৱা বুলি এটা বাতৰি প্ৰকাশ পাইছে ৷ ইয়াকে লৈ বিভিন্নজনৰ মাজত চৰ্চা হৈছে ৷ অৱশ্যে তেওঁ বাতৰিটো ভুৱা আৰু মনেসজা আখ্যা দিছে ৷ উল্লেখ্য যে যৌন আবেদনময়ী মডেল-অভিনেত্ৰীগৰাকীয়ে যোৱা বছৰ তেওঁক স্বামীয়ে উৎপীড়ন, আক্ৰমণ আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ।

ইয়াৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তেওঁৰ স্বামী চেম বোম্বেক গ্ৰেপ্তাৰ কৰিছিল । অৱশ্যে পাচত চেমে জামিনত মুক্তি পায় । দম্পতীহালক এতিয়া পুনৰ একেলগে দেখা গৈছে । সম্প্ৰতি পুনমৰ গৰ্ভধাৰণৰ বাতৰি চৰ্চাৰ বিষয় হৈ পৰিছে । এই বিষয়ে সবিশেষ পঢ়ক -

সাংসাৰিক জীৱনৰ খেলিমেলিৰ পাছত পুনম আৰু চেমক একেলগে দেখা পোৱা গৈছেঃ

মডেলগৰাকীয়ে শেহতীয়াকৈ দাবী কৰে যে তেওঁলোকৰ সাংসাৰিক বিবাদ দূৰ হৈছে ৷ লগতে তেওঁ কয় যে তেওঁ 'তেওঁলোকৰ বৈবাহিক সম্পৰ্ক ৰক্ষা কৰিছে ।' কিন্তু দম্পতীহালে তেওঁলোকৰ সম্পৰ্কৰ পৰৱৰ্তী ডাঙৰ পদক্ষেপ ল'বলৈ আৰু সন্তানক স্বাগতম জনোৱাৰ পৰিকল্পনা কৰিছে নেকি?শেহতীয়া কেতবোৰ বাতৰি মতে, পুনম ৬ মাহৰ গৰ্ভৱতী। কিন্তু এই বাতৰি সত্যতা অস্বীকাৰ কৰি তাৰকাগৰাকীয়ে কয়, "জবৰদস্তি গৰ্ভৱতী নবনাব ।"

কেৱল সেয়াই নহয়, তেওঁ আনকি কয় যে তেওঁ এনে এটা বিশেষ প্ৰত্যাশিত দিনত মিঠাই বিতৰণ কৰি আৰু তেওঁৰ জীৱনীগ্ৰন্থ প্ৰকাশ কৰি সকলোকে খবৰ দিব ৷ সম্প্ৰতি দুয়ো পতি-পত্নীয়ে মহামাৰীৰ মাজতো এটা সুখী জীৱন যাপন কৰি আছে। আনহাতে, চেমৰ সৈতে তেওঁৰ বিবাদ নিষ্পত্তি হোৱাৰ কথা প্ৰকাশ কৰি পুনমে লগতে কয় , "আমি আমাৰ মাজৰ কাজিয়া দূৰ কৰিছো । মই মোৰ বৈবাহিক সম্বন্ধ ৰক্ষা কৰিছো । যদি আপুনি কাৰোবাক ভাল পায়, তেন্তে আপুনি ইমান সোনকালে কেনেকৈ হাৰ মানিব পাৰে ? মই নিশ্চিত যে সমস্যা হ'ব পাৰে, কিন্তু তাৰ বাবে এটা সুযোগ দিব লাগিব । "


আৰু পঢ়িব পাৰেঃ শাৰী পৰিহিতা ফটো শ্বেয়াৰ কৰি প্ৰচণ্ড ট্ৰল খালে ছাৰা আলী খানে

Next Story