Begin typing your search above and press return to search.

বিকী কৌশলক লৈ অসন্তুষ্ট নেকি কিং খান ?

আগন্তুক ছবি "চৰ্দাৰ উদ্ধম"ত অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব এগৰাকী মুক্তযুঁজাৰু উধাম সিঙৰ ৰূপত।

বিকী কৌশলক লৈ অসন্তুষ্ট নেকি কিং খান ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Oct 2021 8:22 AM GMT


শেহতীয়া ছবি "চৰ্দাৰ উদ্ধম"ৰ প্রমোচনৰ হেতু "দ্য কপিল শৰ্মা শ্ব"ত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা বিকী কৌশল আৰু চলচ্চিত্ৰ নিৰ্মাতা সুজিত সৰকাৰক। এই বিশেষ খণ্ডটোত হোৱা কিছু কথা-বাৰ্তাই অভিনেতা কৌশলৰ লগতে দৰ্শকৰ মাজতো কিছু আচহুৱা পৰিস্থিতিৰ সৃষ্টি কৰে।

অহা শনিবাৰে সম্প্ৰচাৰ হ'বলগীয়া এই খণ্ডটোত কৌতুক অভিনেতা কিকু চাৰ্ডাই অভিনেতাগৰাকীক কয় যে অভিনেতা শ্বাহৰুখ খান বিকী কৌশলক লৈ অলপ অসন্তুষ্ট হৈ আছে। তেওঁ সকলোকে প্ৰশ্ন কৰিছে, " বিকীয়ে মোৰ ছবি "জৌছ"কিয় আজি পৰ্যন্ত চোৱা নাই ? এই কথাই বিকীৰ লগতে আন দৰ্শকসকলকো দোমোজাত পেলায়। আলেয়াৰ পাছতেই কপিল শৰ্মাই কিকুক প্ৰশ্ন কৰে যে, তেওঁ কেনেকৈ জানিলে বিকিয়ে ছবি খন চোৱা নাই বুলি? যাৰ প্ৰত্যুত্তৰত কিকুয়ে কয়, কাৰণ তেওঁ সকলোকে সুধি ফুৰে জৌছ কেনেকুৱা (how's the Josh)? যাৰ প্ৰতিক্ৰিয়া সকলোৰে মাজত হাঁহিৰ জোৱাৰ উঠিছিল। দৰাচলতে "জৌছ কেনেকুৱা (how's the Josh)?" Hol অভিনেতা বিকি কৌশল অভিনীত ২০১৯চনৰ ছবি "উৰি"ৰ এটি বিশেষ সংলাপ।

আগন্তুক ছবি "চৰ্দাৰ উদ্ধম"ত অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব এগৰাকী মুক্তযুঁজাৰু উধাম সিঙৰ ৰূপত। আৰু এই ছবি মুকলি কৰা হ'ব ডিজিটেল প্লেটফৰ্ম আমাজন যোগে। ছবিখনত দেখিবলৈ পোৱা যাব বিকি কৌশলৰ লগতে অন্য বহু শিল্পীক।


আৰু পঢ়িব পাৰেঃ মুক্তি পালে শিৱাৰ "অন্নাত্তহে"-ৰ প্ৰথমটি টীজাৰে

Next Story
চাকৰি