Begin typing your search above and press return to search.

প্ৰেমত পৰিছে নেকি অভিনেতা বিকী কৌশলৰ ভ্ৰাতৃ ছানী ?

ছবি "চিদ্দত"ত অভিনেত্ৰী ৰাধিকা মন্দনৰ বিপৰীতে দেখিবলৈ পোৱা অভিনেতা ছানি কৌশলে সম্প্ৰতি এটি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে

প্ৰেমত পৰিছে নেকি অভিনেতা বিকী কৌশলৰ ভ্ৰাতৃ ছানী ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-10-01T17:37:51+05:30


অভিনেতা বিকী কৌশল আৰু কেটৰিনা কাইফৰ প্ৰেম সম্বন্ধীয় বিষয় বৰ্তমানে এটা চৰ্চাৰ বিষয়। পিছে এই ক্ষেত্ৰত কোনো গুণে পিছ পৰি ৰোৱা নাই অভিনেতাগৰাকীৰ ভাতৃ ছানি কৌশলো। খবৰ অনুসৰি অকলশৰীয়া হৈ থকা নাই অভিনেতা ছানি কৌশল।

আজি, ১ অক্টোবৰত মুক্তি লাভ কৰা ছবি "চিদ্দত"ত অভিনেত্ৰী ৰাধিকা মন্দনৰ বিপৰীতে দেখিবলৈ পোৱা অভিনেতা ছানি কৌশলে সম্প্ৰতি এটি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে। তেওঁৰ ছবি "দি ফৰ্গটেন আৰ্মী"ৰ সহ-অভিনেত্ৰী শৰ্ভাৰি ৱাঘৰ সৈতে।

যোৱা বৃহস্পতিবাৰে "চিদ্দত" ছবিৰ স্ক্ৰিনিংৰ সময়ত অভিনেতা ছানি কৌশলৰ উৎসাহ বৰ্ধন কৰিবলৈ অভিনেত্ৰীগৰাকী আহি উপস্থিত হোৱাৰে পৰা, তেওঁলোকৰ সম্পৰ্ক সকলোৰে মাজত আলোচনাৰ শীৰ্ষ বিষয় হৈ পৰিছে। সংবাদ মাধ্যমৰ সন্মুখত অভিনেত্ৰী শৰ্ভাৰিয়ে ছানি কৌশলৰ সৈতে কেমেৰাৰ সন্মুখত আহি প'জ দিবলৈ অমান্তি হোৱা ঘটনাই সকলোৰে মাজত কৌতূহল সৃষ্টি কৰিছে।

ৰূপালী পৰ্দাত অভিনেতা ছানি কৌশলে নিজৰ কেৰিয়াৰ ২০১০চনত এগৰাকী সহযোগী নিৰ্দেশক হিচাপে কৰিছিল, আৰু "চানচাইন মিউজিক টুৰ্চ এণ্ড ট্ৰেৱেলছ" ছবিৰ দ্বাৰা অভিনয় জীৱনৰ শুভাৰম্ভণি কৰিছিল কৌশলে। অক্ষয় কুমাৰৰ "গল্ড" ছবিৰ সৈতে অভিনেতা গৰাকীয়ে দৰ্শকৰ মন অভিভূত কৰিবলৈ সক্ষম হৈছিল। আৰু পৰবৰ্তী সময়ত বিভিন্ন সফল প্ৰকল্পৰ সমভাগী হয় অভিনেতা গৰাকী। ইয়াৰে উল্লেখযোগ্য হৈছে "দি ফৰ্গটেন আৰ্মী"।

আৰু পঢ়িব পাৰেঃ বেলা হাদিদৰ পৰা অনন্যা পাণ্ডেলৈ: পিন টপ হ'ব পৰৱৰ্তী হটেষ্ট ট্ৰেণ্ড

Next Story