Begin typing your search above and press return to search.

মাতৃৰ সোঁৱৰণত নিজৰ হাতৰ বাহুত টাটু অংকণ কৰালে অভিনেত্ৰী জাহ্নৱীয়ে

শেহতীয়া ভাৱে মাতৃৰ সোঁৱৰণত নিজৰ হাতত এটি টাটুও অংকণ কৰাই লৈছে অভিনেত্ৰীগৰাকীয়ে

মাতৃৰ সোঁৱৰণত নিজৰ হাতৰ বাহুত টাটু অংকণ কৰালে অভিনেত্ৰী জাহ্নৱীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2021 8:14 AM GMT

যোৱা ২০১৮চনৰ ২৪ ফেব্ৰুৱাৰীত অকাল বিয়োগ ঘটে দুটি সন্তান জাহ্নৱী কাপুৰ আৰু খুচি কাপুৰৰ মাতৃ কিংবদন্তি অভিনেত্ৰী শ্ৰীদেৱীৰ। সম্প্ৰতি তেওঁৰ কন্যা জাহ্নৱী কাপুৰ বলিউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। মাতৃ শ্ৰীদেৱীৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকীৰ।

বিভিন্ন সময়ত অভিনেত্ৰীগৰাকীক ইন্টাৰনেটত মাতৃ সম্বন্ধীয় ভিন্ন পোষ্ট শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াভাবে মাতৃৰ সোঁৱৰণত নিজৰ হাতত এটি টেটু অংকণ কৰাই লৈছে অভিনেত্ৰী গৰাকীয়ে। এই টাটুত লিখা আছে, "মই মোৰ লব্বুক ভাল পাওঁ"।



এই শব্দ শাৰীৰ উৎস হৈছে, অভিনেত্ৰীগৰাকীৰ বাবে মাতৃয়ে হাতে লিখা এখনি চিঠ, যিখনি অভিনেত্ৰী জাহ্নৱী কাপুৰে মাতৃৰ তৃতীয় মৃত্যু বাৰ্ষিকীত ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিছিল।

যোৱা কালি ৭অক্টোবৰ তাৰিখে অভিনেত্ৰীগৰাকীয়ে নিজৰ হাতত টেটু অংকণ কৰাই থকাৰ সময়ত এটি ভিডিঅ' শ্বেয়াৰ কৰে, য'ত তেওঁক সঘনাই "গোবিন্দ গোবিন্দ" মন্ত্ৰী আওৰাই থকা দেখিবলৈ পোৱা গৈছে।

আৰু পঢ়িব পাৰেঃ "লাভ ষ্টৰী" শাৰীৰূপে ভাইৰেল হৈ পৰা সামন্থাৰ শাৰীখন

Next Story
চাকৰি