Begin typing your search above and press return to search.

বিমানকোঠত চলমান খানক তালাচী কৰা জোৱানক পুৰস্কাৰ

২০ আগষ্টত অভিনেতা ছলমানে "টাইগাৰ- ৩"-ৰ দৃশ্যগ্ৰহণৰ বাবে ৰাছিয়া লৈ বুলি উৰা মাৰিবলৈ বিমানকোঠত উপস্থিত হয়।

বিমানকোঠত চলমান খানক তালাচী কৰা জোৱানক পুৰস্কাৰ

RaktimBy : Raktim

  |  25 Aug 2021 8:20 AM GMT


জনপ্ৰিয় অভিনেতা ছলমান খানক বিমানকোঠত তালাচী কৰা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ)-ৰ জোৱানজন পুৰস্কৃত হৈছে। চি আই এছ এফৰ উৰ্ধতন কৰ্তৃপক্ষই জোৱানজনক নিজৰ পুৰস্কৃত কৰিছে।

উল্লেখ্য যে যোৱা ২০ আগষ্টত অভিনেতা ছলমানে তেওঁৰ নতুন ছবি "টাইগাৰ- ৩"-ৰ দৃশ্যগ্ৰহণৰ উদ্দেশ্য ৰাছিয়া লৈ বুলি উৰা মাৰিবলৈ বিমানকোঠত উপস্থিত হয়। সেই বিশেষ দিনটোৰ এটি ভিডিঅ' ইণ্টাৰনেটত প্ৰচাৰ হৈছে, য'ত দেখিবলৈ পোৱা গৈছে যে ছলমানে নিৰাপত্তাৰক্ষীৰ তালাচী অবিহনে বিমানকোঠৰ টাৰ্মিনেলৰ দিশে খোজ লৈছে আৰু নিৰাপত্তা বাহিনীৰ এজন জোৱান আগুৱাই আহি অভিনেতাজনক প্ৰথমে নিৰাপত্তাৰক্ষীৰ তালাচী চকীৰ পৰা অনুজ্ঞাপত্ৰ ল'বলৈ সোঁৱৰাই দিয়ে।

একে সময়তে তেওঁ লোৱা পদক্ষেপৰ বাবে অনুৰাগীসকলে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। আৰু আন এজন চি আই এছ এফ বিষয়াৰ মন্তব্যৰ মতে, সম্প্ৰতি জোৱানজনক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখা হৈছে।

Next Story
চাকৰি