Begin typing your search above and press return to search.

"চৰ্দাৰ উধম"ক অস্কাৰ লৈ মনোনীত নকৰাৰ সিদ্ধান্ত জুৰীৰ

আন এগৰাকী জুৰী সদস্য সুমিত বসুয়ে জনাই যে বহু লোকে ছবিখনৰ নিৰ্মাণ, কেমেৰাৰ কাম আদি উপভোগ কৰিছে।

চৰ্দাৰ উধমক অস্কাৰ লৈ মনোনীত নকৰাৰ সিদ্ধান্ত জুৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2021 8:42 AM GMT

অতি কম সময়তে দৰ্শকৰ মাজত অতিশয় জনপ্ৰিয়তা অৰ্জন কৰা সুজিত সৰকাৰ নিৰ্দেশিত ছবি "চৰ্দাৰ উধম"ক মনোনীত কৰা নগ'ল বিশ্বৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা অস্কাৰলৈ। এই সিদ্ধান্তক লৈ জুৰী সদস্য ইন্দ্ৰদ্বীপ দাসগুপ্তাই কয়, "ছবিখনত ব্ৰিটিছ চৰকাৰৰ প্ৰতি ভাৰতীয়ৰ ঘৃণা অতিকৈ প্ৰকাশ পাইছে"।

ইয়াৰে লগতে দাসগুপ্তাই জনাই যে "চৰ্দাৰ উধম ছবিখন ক্ৰমাৎ দীঘল আৰু ইয়াত জালিয়ান বালাবাগৰ ঘটনাৰ বৰ্ণনা অতি বেছি। ছবিখন সময়ৰ সৈতে পাহৰিব যোৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ কিছু সেনানীৰ কথা সোঁৱৰাই দিয়াৰ মহৎ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে যদিও এই পদক্ষেপ সফল কৰাৰ হেতু ব্ৰিটিছ লোকসকলৰ প্ৰতি ভাৰতীয়ৰ ঘৃণনীয় মনোভাৱ অতি স্পষ্টভাবে ডাঙি ধৰা হৈছে। আৰু সাম্প্ৰতিক সময় অনুসৰি এনে ধৰণৰ মনোভাৱ মুকলমুৰীয়াকৈ ডাঙি ধৰাটো সঠিক নহয়"। অৱশ্যে ইয়াৰ লগতে দাসগুপ্তাই ছবিখনৰ কিছু ভাল দিশতো আলোকপাত কৰে। তেওঁ ছবিখনৰ নিৰ্মাণৰ শলাগ লয় আৰু ইয়াৰ চিত্ৰগ্ৰহণৰো প্ৰশংসা কৰে।

আন এগৰাকী জুৰী সদস্য সুমিত বসুয়ে জনাই যে বহু লোকে ছবিখনৰ নিৰ্মাণ, কেমেৰাৰ কাম আদি উপভোগ কৰিছে। মোৰ মতে ছবিখন অলপ বেছিকৈ টনা হৈছে। দৰ্শকে জালিয়ানবালা বাগৰ নৃশংস ঘটনাৰ হৃদয় বিদাৰক দৃশ্যৰ অনুভৱ বহুত দেৰিকৈ কৰে"।

উল্লেখ্য যে "চৰ্দাৰ উধম" স্বাধীনতা সংগ্ৰামী উধাম সিঙৰ জীৱন আধাৰিত এখনি ইতিহাসমূলক ছবি। চৰ্দাৰ উধাম সিং প্ৰখ্যাত আছিল জালিয়ানৱালা হত্যাকাণ্ডৰ লগত জৰিত ব্ৰিটিছ বিষয়া মাইকেল অ' ডায়েৰৰ হত্যাৰ বাবে।

অৱশ্যে ছবিখনৰ বহুতো অনুৰাগীয়ে জুৰীৰ এই সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰিছে। আৰু ব্ৰিটিছ চৰকাৰৰ প্ৰতি ঘৃণাৰ ভাৱ প্ৰকাশ কৰা আন আন ছবি যেনে, "লাগান" আৰু "ৰং ডে বসন্তী"ক ওচৰৰ বাবে মনোনীত কৰাৰ সময়ত এনে সমস্যাৰ সৃষ্টি নোহোৱাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।


আৰু পঢ়িব পাৰেঃ সমকামী দম্পতীৰ সৈতে ভাইৰেল কৰৱা চৌথ বিজ্ঞাপন আঁতৰালে ডাবৰে

Next Story
চাকৰি