Begin typing your search above and press return to search.

"ধক্কড়"ৰ মুক্তিৰ দিন ঘোষণা অভিনেত্ৰী কংগণা ৰাণাৱটৰ

এই ছবিত থালাইভি খ্যাত অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা যাব এগৰাকী বিষয়াৰূপে, যাৰ নাম এজেণ্ট অগ্নি।

ধক্কড়ৰ মুক্তিৰ দিন ঘোষণা অভিনেত্ৰী কংগণা ৰাণাৱটৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-10-20T14:55:34+05:30

জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰাণাৱট অভিনীত ছবি "ধক্কড়" সম্পূৰ্ণ ৰূপে সাজু হৈছে ছবিগৃহলৈ আহিবলৈ। এই ছবিৰ মুক্তিৰ দিন ধাৰ্য কৰা হৈছে অহা বছৰৰ ৮ এপ্ৰিল।

"ধক্কড়"ৰ ছবিৰ কাহিনী গুপ্তচৰ সম্বন্ধীয় বিষয় আধাৰিত। এই ছবিত থালাইভি খ্যাত অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা যাব এগৰাকী বিষয়াৰূপে, যাৰ নাম এজেণ্ট অগ্নি। ইনষ্টাগ্রামযোগে অভিনেত্ৰী কংগনাই নতুন ছবিখনত তেওঁৰ এক নতুন ৰূপৰ ভিন্ন ফটো শ্বেয়াৰ কৰিছে। ফটো সমূহত তেওঁক দেখাত অতিকৈ শক্তিশালী, নিৰ্ভিক যেন লাগিছে। এই ফটোত দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুঠ প্ৰভুৱে প্ৰশংসা কৰি লিখে, "লিট" অৰ্থাৎ জুই সদৃশ।

ৰাজনীশ ৰাজী ঘাই নিৰ্দেশিত এই ছবিত কংগনাৰ উপৰি গুৰুত্বপূৰ্ণ ভূমিকাত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপাল আৰু দিব্যা দত্তক। ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম সমাপণ কৰা হয় মধ্য প্ৰদেশ আৰু বুডাপেষ্টত। "ধক্কড়" ছবিখন পোনপ্ৰথমে এই বছৰৰ অক্টোবৰত মুকলি কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাতাই নৱেম্বৰত মুকলি কৰাৰ সিদ্ধান্ত লয়।

কিছু দিন আগেয়ে এটি কথোপকথন যোগে অভিনেত্ৰীগৰাকীয়ে ব্যক্ত কৰে যে "ধক্কড়" কেৱল তেওঁৰ কেৰিয়াৰৰ এখন গুৰুত্বপূৰ্ণ ছবিয়েই নহয়, ই ভাৰতীয় চিনেমা জগতৰ বাবেও এক বিশেষ অৱদান। নাৰী চৰিত্ৰক এক নতুন ৰূপ দিব এই ছবিয়ে।


আৰু পঢ়িব পাৰেঃ সুহানা খানৰ হুবহু নাৰীয়ে ইণ্টাৰনেটত সৃষ্টি কৰিছে ধুমুহাৰ

Next Story