Begin typing your search above and press return to search.

কৰীণা আউট কংগনা ইনঃ সীতা চৰিত্ৰৰ বাবে চূড়ান্ত হ'ল অভিনেত্ৰী

কংগনা ৰাণাৱটে পৰিচালক আলৌকিক দেশাইক ৰামায়ণৰ পৰা সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছে।

কৰীণা আউট কংগনা ইনঃ সীতা চৰিত্ৰৰ বাবে চূড়ান্ত হল অভিনেত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2021 12:06 PM GMT

কংগনা ৰাণাৱটে "সীতা: দ্য ইনকাৰনেশ্যন" শীৰ্ষক এখন চলচ্চিত্ৰত সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে। এইখন একেখন চিনেমা যিখন কৰীণা কাপুৰ খানক আগবঢ়োৱা হৈছিল বুলি জনা গৈছে।

শেহতীয়াকৈ কংগনাই অভিনয় কৰা 'থালাইভি' নামৰ ছবিখন মুক্তি পাইছে আৰু ছবিখনত কংগনা ৰাণাৱতক জয়াললিতাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ছবিখনক কেন্দ্ৰ কৰি সৃষ্টি হৈ থকা উৎসুকতাৰ মাজতে ৪ বাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অভিনেত্ৰীগৰাকীক সীতা ছবিখনত শীৰ্ষক চৰিত্ৰত দেখা পোৱা যাব বুলি ঘোষণাৰ পিচতে বিশেষ চৰ্চা লাভ কৰিছে।

সীতা ছবিখনৰ চিত্ৰনাট্য লিখিছে এছ এছ ৰাজামৌলীৰ পিতৃ, কে ভি বিজয়েন্দ্ৰ প্ৰসাদে। এইগৰাকী বিজেয়েন্দ্ৰ প্ৰসাদেই বাহুবলী ছবিখনৰ চিত্ৰনাট্য লিখিছিল। চলচ্চিত্ৰখনৰ সংলাপ আৰু সংগীত মনোজ মুন্তাশিৰৰ। এই ছবিখন হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত মুক্তি দিয়া হ'ব।

কংগনা ৰাণাৱটে কুইন, মণিকৰ্ণিকা, পাঙ্গা, তনু ৱেডছ মনু আৰু থালাইভিৰ দৰে চলচ্চিত্ৰৰ দ্বাৰা তেওঁৰ অভিনয়ৰ শ্ৰেষ্ঠ প্ৰতিভা প্ৰমাণ কৰিছে। অনুৰাগীসকলে তেওঁক সীতাৰ চৰিত্ৰত দেখি উৎসাহিত হৈছে। কে ভি বিজয়েন্দ্ৰ প্ৰসাদেও এটা সাক্ষাৎকাৰত কৈছিল যে সীতা চৰিত্ৰটোৰ বাবে তেওঁৰ প্ৰথম পচন্দ হৈছে কংগনা ৰাণাৱট।

আৰু পঢ়িব পাৰেঃ অভিনেতা আমিৰ খানৰ ব্যক্তিগত দেহৰক্ষীৰ দৰমহা কিমান জানেনে?

Next Story
চাকৰি