' থালাইভি' মোৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ:-কংগনা ৰাণাৱট

“থালাইভি" তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জে জয়াললিতাৰ জীৱনক আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ৷
' থালাইভি' মোৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ:-কংগনা ৰাণাৱট
Published on: 


জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে সম্প্ৰতি তেওঁৰ আহিবলগীয়া ছবি 'থালাইভি'ৰ প্ৰচাৰত ব্যস্ত হৈ আছে।

শেহতীয়াকৈ কংগনাই হায়দৰাবাদত ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত হৈছিল ৷ ছবিখন চিত্ৰগৃহ আৰু অ'টিটিত মুক্তিৰ সময়ৰ মাজত ব্যৱধান আছে। আনহাতে, জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে ছবিখনক তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰিছে।

কংগনাই হায়দৰাবাদত তেওঁ ছবিখনৰ প্ৰচাৰত অংশ লোৱাৰ সময়ত তোলা কে'বাখনো ফটো শ্বেয়াৰ কৰিছে। উল্লেখ্য যে "থালাইভি" তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এ আই এ ডি এম কে দলৰ নেত্ৰী প্ৰয়াত জে জয়াললিতাৰ জীৱনক আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ৷

আনহাতে, "থালাইভি"ৰ প্ৰযোজক পক্ষই ঘোষণা কৰা অনুসৰি ১০ ছেপ্টেম্বৰত এখন নতুন ছবিয়ে চিত্ৰগৃহত মুক্তিৰ বাবে সাজু হৈছে ৷ ছবিখনৰ বুকিং সোনকালেই মুকলি হ'ব। বৰ্তমানে কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে কঠোৰ নিয়মৰ বাবে সমগ্ৰ দেশত ৫০% দৰ্শকৰ সৈতে চিত্ৰগৃহ চলাবলৈ অনুমতি দিয়া হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com