Begin typing your search above and press return to search.

কনিষ্ঠ পুত্ৰ জেহৰ ৬ মহীয়া জন্মদিনৰ ফটো শ্বেয়াৰ অভিনেত্ৰী কৰীণাৰ

কৰীণাক দেখা হৈছে এটি ধুনীয়া পোচাকত আৰু তেওঁৰ কোলাত দেখিবলৈ পোৱা গৈছে কণমানি জেহক।

কনিষ্ঠ পুত্ৰ জেহৰ ৬ মহীয়া জন্মদিনৰ ফটো শ্বেয়াৰ অভিনেত্ৰী কৰীণাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2021 11:07 AM GMT

অভিনেত্ৰী কৰীণা কাপুৰে কালি জীৱনৰ অন্য এটি বছৰত ভৰি দিলে। এক অজ্ঞাত স্থানত স্বামী চেইফ আৰু দুই সন্তান টাইমূৰ আৰু জেহৰ সৈতে জন্মদিনৰ দিনা পাৰ কৰা কিছু আনন্দকৰ মুহূৰ্তৰ প্ৰতিচ্ছবি ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিছে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ শেহতীয়া ফটোত তেওঁলোকৰ খান পৰিয়ালৰ পাছফালে প্ৰতিফলিত হৈছে "হেপী বাৰ্থডে" লিখা জুই সংযোগ এক পষ্টাৰ। চেইফ আৰু টাইমূৰৰ পিন্ধনত পাইজামা আৰু কৰীণাক দেখা হৈছে এটি ধুনীয়া পোচাকত আৰু তেওঁৰ কোলাত দেখিবলৈ পোৱা গৈছে কণমানি জেহক। উক্ত ফটো খনৰ সৈতে অভিনেত্ৰী গৰাকীয়ে লিখিছে, "জুইকুৰা জ্বলি থাকিবলৈ দিয়া... নিজলৈ জন্মদিনৰ প্ৰতিশ্ৰুতি"।

যোৱা মাহত চেইফ আলী খানৰ বাবে পৰিয়ালটিয়ে ভ্ৰমণ কৰে সুদূৰ মালদ্বীপ। যাৰ সুন্দৰ পৰিবেশ আৰু জন্মদিনৰ উদযাপন বিভিন্ন ফটো যথাসময়ত শ্বেয়াৰ কৰে অভিনেত্ৰী গৰাকীয়ে। তদুপৰি কণিষ্ঠ সন্তান জেহৰ ৬মহীয়া জন্মদিনো মালদ্বীপতেই পালন কৰে পৰিয়ালটিয়ে।


আৰু চাব পাৰেঃ ছিকিম উচ্চ ন্যায়ালয়ত গাড়ীচালক, পিয়ন আৰু চকীদাৰৰ পদখালী

Next Story
চাকৰি