Begin typing your search above and press return to search.

শ্ৰীৰাম ৰাঘৱনৰ ছবিত কেটৰিনাৰ সৈতে ৰোমাঞ্চ কৰিবলৈ সাজু বিজয় সেথুপতি

অৱশ্য এই বিশেষ প্ৰকল্পৰ দৃশ্যগ্ৰহণ বৰ্তমানে অনিদিষ্ট কাললৈকে স্থগিত ৰখা হৈছে।

শ্ৰীৰাম ৰাঘৱনৰ ছবিত কেটৰিনাৰ সৈতে ৰোমাঞ্চ কৰিবলৈ সাজু  বিজয় সেথুপতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Oct 2021 8:29 AM GMT

শ্ৰীৰাম ৰাঘৱনৰ প্ৰযোজিত "মেৰী খ্ৰীষ্টমাছ" নামৰ ছবিখনে বিভিন্নজনৰ পৰা ভিন্ন মন্তব্য পাইছে। ইয়াৰ কাৰণ হ'ল ছবিখনৰ দুটি মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ গৈ থকা দুই অভিনেতা। সম্ভৱতঃ দৰ্শকে কোনো দিনে একেলগে পৰিকল্পনা নকৰা দুই বলিউড আৰু তলিউড জগতৰ তাৰকাক একেলগে দেখিবলৈ পোৱা যাব এই ছবিত। পোনপ্ৰথমবাৰৰ কাৰণে এই "মেৰী খ্ৰীষ্টমাচ" ছবিৰত একেলগে দেখিবলৈ পোৱা যাব বলিউড জগতৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ্ আৰু তলিউদৰ চুপাৰষ্টাৰ বিজয় সেথুপতিক।

অবশ্য এই বিশেষ আমোদজনক প্ৰকল্পৰ দৃশ্যগ্ৰহণ বৰ্তমান অনিদিষ্ট কাললৈকে স্থগিত ৰখা হৈছে। এই বাতৰিত অভিনেতা গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমক জনাইছে যে, ছবিখনৰ দৃশ্যগ্ৰহণ এই বছৰৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহত আৰম্ভ হ'বলৈ গৈ আছে।

ছবিখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰখাৰ কাৰণ সেথুপতিৰ বৰ্তমান অন্য ছবিৰ দৃশ্যগ্ৰহণৰ ব্যস্ততা বুলি জানিবলৈ দিয়ে, আৰু লগতে কয় যে, এই প্ৰকল্পৰ বাবে তেওঁ অতিকৈ উত্রাবল, "শ্ৰীৰাম ৰাঘৱন এগৰাকী আগ শাৰীৰ নিৰ্দেশক। তেওঁৰ কামক মই সন্মান কৰোঁ"।

প্ৰথম বাৰৰ বাবে কাম কৰিবলৈ যোৱা তেওঁৰ সহ শিল্পী কেটৰিনাৰ প্ৰতি তেওঁ মত প্ৰকাশ কৰি কয়, "নিজৰ সহশিল্পী সকলক লৈ মই সদায়ে সুখী, তেওঁলোক খুবেই ভাল লোক। মোৰ বিশ্বাস কেটৰিনায়েও নিজকে এগৰাকী খুবেই বঢ়িয়া সহশিল্পী হিচাপে প্ৰমাণিত কৰিব"।


আৰু পঢ়িব পাৰেঃ মুকলি হ'ল "হাম দো হামাৰে ডু" টিজাৰ!

Next Story
চাকৰি