Begin typing your search above and press return to search.

"টাইগাৰ ৩"ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে কেটৰিনা কাইফে

অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ চিত্ৰগ্ৰহণৰ বাবে ৰাছিয়ালৈ উৰা মাৰিছে ।

টাইগাৰ ৩ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে কেটৰিনা কাইফে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Aug 2021 10:09 AM GMT

"টাইগাৰ ৩"য়ে মুক্তি লাভ কৰিব। এই কথা প্ৰচাৰ হোৱাৰ লগে লগে দৰ্শকৰ মাজত পুনৰ এবাৰ অভিনেত্ৰী কেটৰিনা কাইফক যুঁজাৰু ৰূপত দেখাৰ উৎসুকতা বাঢ়ি গৈছে। শেহতীয়াকৈ জানিব পৰা মতে, অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ চিত্ৰগ্ৰহণৰ বাবে ৰাছিয়ালৈ উৰা মাৰিছে।

সূত্ৰৰ মতে, উক্ত ছবিৰ একচন দৃশ্যসমূহৰ চিত্ৰগ্ৰহণ বিদেশৰ বিভিন্ন স্থানত কৰা হব। সম্প্ৰতি এই কাম আৰম্ভ হৈছে ৰাছিয়াত। য'ত সৰ্বমুঠ ৪৫দিনৰ বাবে চিত্ৰগ্ৰহণ অব্যাহত থাকিব।

এই ছবিত অভিনেত্ৰীগৰাকীয়ে আন বাৰতকৈ অধিক দুৰ্দান্ত ষ্টাণ্ট প্ৰদৰ্শন কৰিব আৰু ইয়াৰ প্ৰস্তুতি তেওঁৰ যোৱা কিছু মাহৰ পৰা আৰম্ভ কৰিছে। "টাইগাৰ ৩", এজন চোৰাংচোৱাৰ জীৱনৰ আধাৰত ৰচিত ছবি। আৰু কেটৰিনাৰ বিপৰীতে ছবিখনত দেখিবলৈ পোৱা যাব ছলমান খানক।

Next Story
চাকৰি