Begin typing your search above and press return to search.

বগা সাজত কেটৰীনা কাইফঃ প্ৰশংসা কৰিলে অনুষ্কা-ৰণবীৰ সিঙে

অতি কম সময়ৰ ভিতৰতে ফটো কেইখনে সমগ্ৰ ইণ্টাৰনেট ছানি ধৰে।

বগা সাজত কেটৰীনা কাইফঃ প্ৰশংসা কৰিলে অনুষ্কা-ৰণবীৰ সিঙে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Oct 2021 10:23 AM GMT

ইণ্টাৰনেটত খুব সক্ৰিয় হৈ থাকে অভিনেত্ৰী কেটৰীনা কাইফ। বিভিন্ন সময়ত বিভিন্ন আকৰ্ষণীয় ফটোৰে অনুৰাগীৰ হৃদয়ত তোলপাৰ লগাই অভিনেত্ৰী গৰাকীয়ে। শেহতীয়াভাৱে ইণ্টাৰনেটত যোগে অভিনেত্ৰীগৰাকীয়ে আপলোড কৰিছে দুখন বিশেষ ফটো।

পিন্ধনত এটি খুবেই আকৰ্ষণীয় বগা বডীকন ড্ৰেচ, অৱস্থান বালিৰে ভৰা সমুদ্ৰতীৰ। প্ৰমোচনত ব্যস্ততাৰ মাজতেই অভিনেত্ৰীগৰাকীয়ে আপলোড কৰে এই বিশেষ ফটো। আৰু শিৰোনামত লিখে, "দিন #sooryavansham" (day #sooryavansham) ।


অনুৰাগী তথা বন্ধু - বান্ধৱী সকলে অভিনেত্ৰীগৰাকীৰ এই ফটোত অগণন মৰম প্ৰকাশ কৰে, আৰু অতি কম সময়ৰ ভিতৰতে ফটো কেইখনে সমগ্ৰ ইণ্টাৰনেট ছানি ধৰে।

এই ফটো অভিনেত্ৰী অনুষ্কা শৰ্মাই লিখে, "সুন্দৰী" আৰু ৰণবীৰ সিঙে লিখে, "servinn"।

শেহতীয়া ভাৱে অভিনেত্ৰী গৰাকীক প্ৰত্যক্ষ কৰা হৈছিল, অভিনেতা বিকী কৌশল অভিনীত ছবি "চৰ্দাৰ উদ্ধম"ৰ স্ক্ৰীনিংৰ বিশেষ দিনটোত। বহু লোকৰ মতে বিকি কৌশল আৰু অভিনেত্ৰী কেটৰীনা কাইফৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে এটি গভীৰ প্ৰেমৰ সম্পৰ্ক। কিন্তু দুয়োগৰাকী অভিনেতাই বৰ্তমান সময়লৈকে নিজৰ ফালৰ পৰা এই বিষয় লৈ কোনো ধৰণৰ মত প্ৰকাশ কৰা নাই।


আৰু পঢ়িব পাৰেঃ "স্কুইড গেমছ"ঃ ১ মাহত ৯০০ নিযুত টকা আয়

Next Story
চাকৰি