Begin typing your search above and press return to search.

মৰমৰ কুকুৰ নাইকৰ জন্মদিনত অন্তৰস্পৰ্শী লেখা অভিনেত্ৰী কীৰ্তি সুৰেশৰ

'নাদিগায়াৰ থিলাগাম' খ্যাত অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ইনষ্টাগ্ৰামত নাইকৰ ফটো প'ষ্ট কৰে

মৰমৰ কুকুৰ নাইকৰ জন্মদিনত অন্তৰস্পৰ্শী লেখা অভিনেত্ৰী কীৰ্তি সুৰেশৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2021 11:43 AM GMT

দক্ষিণৰ তথা তামিল ছবিৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশৰ নাইক নামৰ এটা পোহনীয়া কুকুৰ আছে ৷ কুকুৰটো অভিনেত্ৰীগৰাকীৰ অত্যন্ত মৰমৰ ৷ 'নাদিগায়াৰ থিলাগাম' খ্যাত অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ইনষ্টাগ্ৰামত নাইকৰ ফটো প'ষ্ট কৰে । নাইকৰ শেহতীয়া জন্মদিনত অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা অন্তৰ স্পৰ্শী বাক্য লিখে ৷

নাইকৰ সৈতে তোলা ফটো ইনষ্টাগ্ৰামত প'ষ্ট কৰি কীৰ্তিয়ে লিখিছে , "মোৰ কেঁচুৱা ল'ৰাটো মাত্ৰ ৩ বছৰীয়া হৈছে! মানুহে কয় যে কুকুৰ হৈছে একমাত্ৰ প্ৰাণী, যি আপোনাক নিজতকৈ বেছি ভাল পায় ৷ আৰু ৩ বছৰ ধৰি নাইক মোৰ জীৱনত থকাৰ পিছত মই নাভাবো যে মই এই কথাৰ লগত সন্মত হ'ব নোৱাৰিম ৷ নাইকৰ কণমানি হৃদয়ক মই কল্পনা কৰাতকৈ অধিক ভাল পাওঁ আৰু ই ইমান উষ্ণ যে যিয়েই নহওঁক কিয়, সকলোকে নাইকে আকৰ্ষণ কৰে ।"


আৰু পঢ়িব পাৰেঃ শ্বেহনাজ গীলৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধাৰ্থ শুক্লাই

Next Story
চাকৰি