Begin typing your search above and press return to search.

সুশান্ত সিং ৰাজপুটৰ "খৈৰিয়াত" গীতত কণ্ঠ নিগৰালে টাঞ্জানিয়াৰ কিলি পাউলে

তেওঁ হাৰ্ডী সান্ধুৰ বিজলী বিজলী গীতত নৃত্য কৰিছিল। এই নৃত্যই মূল ভিডিওটোত নৃত্য কৰা পলক তিৱাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

সুশান্ত সিং ৰাজপুটৰ খৈৰিয়াত গীতত কণ্ঠ নিগৰালে টাঞ্জানিয়াৰ কিলি পাউলে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2021 9:56 AM GMT

টাঞ্জানিয়াৰ ইণ্টাৰনেট চাঞ্চল্য কিলি পাউলে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুট অভিনীত " চিচৰে" ছবিৰ "খৈৰিয়াত" শীৰ্ষক গীতটিত কণ্ঠ নিগৰাই চৰ্চালৈ আহিছে ৷ তেওঁৰ এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈছে। গীতটো তেওঁ ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে। গীতৰ কথাৰ সৈতে সম্পূৰ্ণ তাল মিলাই তেওঁ গীতটোত কণ্ঠদান কৰিছে। গীতৰ ভিডিওটো শ্বেয়াৰ কৰাৰ পৰা ৭ লাখৰো অধিক ভিও হৈছে। বহু লোকে তেওঁৰ এই ভিডিওক প্ৰশংসা কৰিছে।

ইয়াৰ পূৰ্বেও তেওঁ হাৰ্ডী সান্ধুৰ বিজলী বিজলী শীৰ্ষক গীতত নৃত্য কৰিছিল। তেওঁৰ এই নৃত্যই মূল ভিডিওটোত নৃত্য কৰা পলক তিৱাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তদুপৰি বলিউডৰ আন একাধিক গীতটো নৃত্য পৰিৱেশন কৰিছে অথবা কণ্ঠ নিগৰাইছে।

আনহাতে, বলিউডৰ ছবিৰ গীত কিয় কণ্ঠদানৰ বাবে বাছি ল'লে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত কিলিয়ে কয়, " মই শ্বাহৰুখ খান, ছানী দেউল, অমিতাভ বচ্চন, সঞ্জয় দত্ত আদিয়ে অভিনয় কৰা বলিউডৰ বহু ছবি চাইছো। গতিকে মই বলিউডৰ ছবিৰ প্ৰতি পূৰ্বৰে পৰা আকৰ্ষিত হৈ আহিছো।'', তেওঁ এইদৰে কয়। কিলিয়ে আৰু কয় যে তেওঁ হৃত্বিক ৰোচনৰ ৰোমাণ্টিক ছবিও ভাল পায়।


আৰু চাব পাৰেঃ মহানগৰীৰ হাতীগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ

Next Story
চাকৰি