Begin typing your search above and press return to search.

লিয়েণ্ডাৰ পে'জ- কিম শৰ্মাই স্বীকাৰ কৰিলে সম্পৰ্কৰ কথা

ফটোখনত কিমলৈ লিয়েণ্ডাৰে মৰমসনা দৃষ্টি দি আছে ৷

লিয়েণ্ডাৰ পেজ- কিম শৰ্মাই স্বীকাৰ কৰিলে সম্পৰ্কৰ কথা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2021 7:22 AM GMT

প্ৰাক্তন টেনিছ তাৰকা লিয়েণ্ডাৰ পে'জ আৰু মোহময়ী অভিনেত্ৰী কিম শৰ্মাৰ মাজত প্ৰেম-ৰোমান্সৰ সম্পৰ্ক আছে ছ'চিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত বুলি চৰ্চা হৈ আছিল ৷ সম্প্ৰতি দুয়োৱে এই চৰ্চা সঁচা বুলি ৰাজহুৱাকৈ প্ৰতিপন্ন কৰিছে ৷ অলপতে কিম আৰু লিয়েণ্ডাৰে গোৱা ভ্ৰমণ কৰে ৷ এই ভ্ৰমণৰ সময়ছোৱাত দুয়োৱে অন্তৰংগতাৰে তোলা ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ আকৰ্ষণীয় ফটো শ্বেয়াৰ । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত লিয়েণ্ডাৰৰ সৈতে তোলা নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত কিমলৈ লিয়েণ্ডাৰে মৰমসনা দৃষ্টি দি আছে ৷

উল্লেখ্য যে অভিনেত্ৰী কিম শৰ্মাই কে'বাজনো বহু ছবিত অভিনয় কৰিছে ৷ তেওঁ অভিনয় কৰা এনে দুখন ছবি হ'ল "মহাব্বতে" আৰু "তুমচে আচ্ছা কোন হ্যে" ৷ আনহাতে, লিয়েণ্ডাৰ পে'জ হৈছে ১৯৯৯ৰ অলিম্পিক পদকজয়ী টেনিছ তাৰকা ৷ পে'জ পূৰ্বে বিবাহিত ৷ কিমৰো বলিউডৰ এজন অভিনেতাৰ সৈতে সম্পৰ্ক আছিল ৷


আৰু পঢ়িব পাৰেঃ ' থালাইভি' মোৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ:-কংগনা ৰাণাৱট

Next Story
চাকৰি