Begin typing your search above and press return to search.
কাৰ্তিক আৰ্য়ানৰ গীতত আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কণমানি অনুৰাগীৰ
কাৰ্তিক "ফ্ৰেড্ডি" ছবিৰ চিত্ৰগ্ৰহণৰ সৈতে ব্যস্ত। এই ছবিত তেওঁৰ বিপৰীতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী আলায়া এফক।

আগন্তুক "ফ্ৰেড্ডি" ছবিৰ চিত্ৰগ্ৰহণৰ ব্যস্ততাৰ মাজতেই ইনষ্টাগ্ৰামৰ জৰিয়তে অভিনেতা কাৰ্তিক আৰ্য়ানে শ্বেয়াৰ কৰিছে দুই কণমানি অনুৰাগীয়ে তেওঁৰ ছবি "লুকা চুপি"ৰ গীত "ক'কা ক'লাত" প্ৰদৰ্শন কৰা এটি সুন্দৰ নৃত্য ভিডিঅ'।
হয়টো কণমানি দুজনীৰ সুন্দৰ নৃত্যই আপ্লুত কৰে অভিনেতাগৰাকীক। সেয়ে ব্যস্ততাৰ মাজতো নিজৰ ইনষ্টাগ্রাম জৰিয়তে শ্বেয়াৰ কৰে এই ভিডিঅ' আৰু তাৰ লগত সংলগ্ন কৰে দুটি ৰঙা হৃদয়ৰ ইমোজী।
সম্প্ৰতি অভিনেতা কাৰ্তিক "ফ্ৰেড্ডি" ছবিৰ চিত্ৰগ্ৰহণৰ সৈতে ব্যস্ত। এই ছবিত তেওঁৰ বিপৰীতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী আলায়া এফক। কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীৰ সৈতে এখন ফটো আপলোড কৰি কাৰ্তিকে তেওঁক চিত্ৰগ্ৰহণলৈ স্বাগতম জনাইছিল।
Next Story