মনোৰঞ্জন
২২ সংখ্যক বিবাহ বাৰ্ষিকীত থ্ৰোবেক ফটো শ্বেয়াৰ অভিনেত্ৰী মাধুৰী দীক্ষিতৰ
ভিডিঅ'টো শ্বেয়াৰ কৰি মাধুৰীয়ে লিখিছিল, "২২ টা যাদুকৰী বছৰ একেলগে @drneneofficial #22YearsOfTogetherness"
জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু ড০ শ্ৰীৰাম নেনেই দেওবাৰে তেওঁলোকৰ ২২ বছৰৰ বিবাহবাৰ্ষিকী উদযাপন কৰে। এই উপলক্ষে অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত এটা স্মৰণীয় ভিডিঅ' শ্বেয়াৰ কৰে। যোৱা দুটা দশকৰ থ্ৰোবেক ছবিৰে ভৰি থকা, মাধুৰীৰ ক্লিপটো বিয়াৰ ফটোৰ পৰা শিশুসকলৰ সৈতে বন্ধৰ দিন আৰু কেইবাটাও পাহৰিব নোৱাৰা স্মৃতিৰে আৰম্ভ হৈছিল।
কেৰিয়াৰৰ শীৰ্ষত থাকোতে, মাধুৰীয়ে কেলিফৰ্ণিয়াত অৱস্থিত এজন শল্য চিকিৎসক ডাঃ শ্ৰীৰাম নেনেৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। ১৯৯৯ চনৰ ১৭ অক্টোবৰত দম্পতীহালৰ এক অন্তৰংগ বিবাহ হৈছিল আৰু বহু বছৰ ধৰি মাধুৰী বলীউডৰ পৰা আঁতৰি আছিল। দম্পতীহালৰ দুটা সন্তান আছে- এৰিন আৰু ৰিয়ান।