Begin typing your search above and press return to search.
আৰহান, তোমালৈ বহুত মনত পৰিছেঃ পুত্ৰক উদ্দেশ্যি লিখিলে মালাইকা অৰোৰাই
অভিনেত্ৰীগৰাকীয়ে পুত্ৰ আৰহানৰ সৈতে তোলা এখন ধুনীয়া ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷

By :
অভিনেত্ৰী মালাইকা অৰোৰাৰ পুত্ৰ আৰহানে ঘৰৰ পৰা বাহিৰত থাকি পঢ়িবলৈ গৈছে ৷ পুত্ৰৰ স্মৃতিয়ে মাজে-সময়ে ব্যাকুল কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক৷ ইনষ্টাগ্রামত দিয়া অভিনেত্ৰী গৰাকীৰ প'ষ্টৰ পৰা জানিব পৰা গৈছে যে তেওঁ পুত্ৰ আৰহানে যোৱা সোমবাৰে মুম্বাইৰ বিমানবন্দৰৰ পৰা নিৰ্দিষ্ট স্থানলৈ উৰা মাৰে ৷
অভিনেত্ৰীগৰাকীয়ে পুত্ৰ আৰহানৰ সৈতে তোলা এখন ধুনীয়া ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ ফটোখনৰ সৈতে লিখিছে " যিহেতু বৰ্তমানে আমি দুয়ো এক নতুন যাত্ৰাত নামি পৰিছো, দুয়োৰে মনত ভয়, উদ্বিগ্নতা, উত্তেজনা আদিৰ মিশ্ৰিত অনুভৱৰ লহৰ উঠিছে ৷ কিন্তু আৰহান, সম্প্ৰতি মই এটা কথাই জানো যে মই তোমাক লৈ বহু গৰ্বিত । এতিয়া সময় তোমাৰ, পাখি মেলিবলৈ আৰু উৰিবলৈ। বহুত মনত পৰিছে তোমালৈ।"
Next Story