এইবাৰ আমজন প্ৰাইমত মাইক ষ্টেণ্ডৰ ছীজন-২
সাজু হওঁক আপোনাৰ প্ৰিয় তাৰকাসকলক এক নতুন কমেডী জগতত দেখা পাবলৈ। চিজন ১ৰ সাফল্যৰ পাছত আমজন প্ৰাইম পুনৰ এবাৰ আহি আছে মাইক ষ্টেণ্ডৰ ছীজন ২ লৈ। হাঁহি, ফুৰ্তি, আমেজভৰা এই ছীজনত দেখিবলৈ পাব বলিউডৰ ভালকেইখন এই চিনাকী মুখ। শেহতীয়াবাে প্ৰকাশ পোৱা মাইক ষ্টেণ্ড ৰ পষ্টাৰে দৰ্শকৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। ইয়াত স্পষ্টভাবে দেখিবলৈ পোৱা যাব কেইবা খনিও চিনাকী মুখ ক্ৰমে কৰণ জোহৰ, চানি লিঅনি, বিশিষ্ট লেখক চেতন ভগত, সাংবাদিক ফায়ে দি ছুজা আৰু কণ্ঠশিল্পী ৰাফটাৰক।
সপন বৰ্মা দ্বাৰা আঁৰ ধৰা ই এক হস্যৰত্মক অনুষ্ঠান। ইয়াত বিভিন্ন পেছাৰ লোক সকলক প্ৰথম বাৰৰ বাবে ষ্টেণ্ড আপ কমেডিৰ জৰিয়তে মানুহক হহোৱাৰ প্ৰচেষ্টা কৰা দেখা যায়। প্ৰতিগৰাকী প্ৰতিযোগীৰ বাবে একোজনকৈ হাস্যৰত্মক অভিনেতা মেণ্টৰ হিচাপে ৰখা যায়। এই বাৰ এই মঞ্চত দেখিবলৈ পোৱা যাব অতুল খাত্ৰি, নীতি পালটা আদিকে ধৰি বহু কেইজন আগশাৰীৰ হস্যৰত্মক অভিনেতাক।
আৰু পঢ়িব পাৰেঃ "পেশীবহুল তাপসী" - ইতি টুইটাৰত ভুক্তভোগী