Begin typing your search above and press return to search.

মুহূৰ্ত্ততে ভাইৰেল হৈ পৰিল অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ বিকৃত ফটো

এই বিশেষ ফটোখনৰ সৈতে লিখা হৈছে, "তাইৰ হাঁহি আৰু তেওঁৰ মিচিকিয়া হাঁহিয়ে সকলো কয় ৷"

মুহূৰ্ত্ততে ভাইৰেল হৈ পৰিল অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ বিকৃত ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2021 10:02 AM GMT

শেহতীয়াভাবে অভিনেত্ৰী ঐশ্বৰ্যা ৰায় আৰু অভিষেক বচ্চনৰ এখন বিকৃত ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে ৷ টুইটাৰৰ জৰিয়তে ফটোখন ভাইৰেল হৈছে। ফটোখনত বচ্চন দম্পতীক বিয়াৰ সাজ পৰিধান কৰি কেমেৰালৈ চাই হাঁহি থকা দেখিবলৈ পোৱা গৈছে।

এই বিশেষ ফটোখনৰ সৈতে লিখা হৈছে, "তাইৰ হাঁহি আৰু তেওঁৰ মিচিকিয়া হাঁহিয়ে সকলো কয় ৷"

আৰু তাৰ লগতে সংলগ্ন কৰা হৈছে বিভিন্ন হেছটেগ। ফটোখন প্ৰকাশ পোৱাৰ কিছু ক্ষণ পাছতেই অভিষেক বচ্চনে এই ফটো মিছা বুলি স্পষ্টীকৰণ দিয়ে। নিজৰ টুইটাৰ একাউণ্টত তেওঁ লিখে "এইখন এখন ফটোশ্বপ (ৰূপ সলোৱা) কৰা ফটো" আৰু তাৰ লগতে যোগ কৰে এটি হাতযোৰ কৰা ইম'জী।

চেন্নাইত চিত্ৰগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা অভিনেতাগৰাকীৰ নাম বৰ্তমান বাতৰিৰ শিৰোনামাত। খবৰ মতে চিত্ৰগ্ৰহণৰ সময়ত এটি দৃশ্যক জীৱন্ত ৰূপ দিয়াৰ প্ৰচেষ্টাত অভিনেতা গৰাকীয়ে নিজৰ সোঁহাতখন অলপ বেছি জোৰেৰে টেবুলত মাৰি ঢকা মাৰি দিছিল আৰু তাৰ পৰিণাম স্বৰূপে তেওঁৰ হাতৰ কিছু অংশ ফুলি উঠে। অভিনেতা গৰাকীক ততাতৈয়াকৈ চিকিৎসাধীন কৰা হয় যদিও তেওঁ এনে সময়ত নিজৰ পৰিয়ালবৰ্গক কাষত বিচাৰে আৰু মুম্বাইৰ নিজা চিকিৎসকৰ পৰামৰ্শ বিচাৰে ৷ সেয়ে চিত্ৰগ্ৰহণৰ মাজতে কিছুদিনৰ বিৰতি লৈ অভিষেক মুম্বাইলৈ ঘূৰি আহে।

আৰু পঢ়িব পাৰেঃ কৰীণা আউট কংগনা ইনঃ সীতা চৰিত্ৰৰ বাবে চূড়ান্ত হ'ল অভিনেত্ৰী

Next Story
চাকৰি