Begin typing your search above and press return to search.

"ছবি জগতত স্বজনপ্ৰীতিতকৈ বৰ্ণবিদ্বেষ বেছি অশুভ - নৱাজুদ্দিন ছিদ্দিকি

অভিনেতাগৰাকীয়ে চলচ্চিত্ৰ জগতত প্ৰচলিত বৰ্ণবিদ্বেষৰ বিষয়ে প্ৰকাশ কৰিছে।

ছবি জগতত স্বজনপ্ৰীতিতকৈ বৰ্ণবিদ্বেষ বেছি অশুভ - নৱাজুদ্দিন ছিদ্দিকি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2021 6:24 AM GMT

কৰ্মদক্ষতাৰে চলচ্চিত্ৰ জগতত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা ব্যক্তি বিশেষৰ মাজত নৱাজুদ্দিন ছিদ্দিকি এটি অন্যতম জনপ্ৰিয় নাম। শেহতীয়া ছবি "ছিৰিয়াচ মেন"ৰ বাবে আন্তঃৰাষ্ট্ৰীয় এম্মী বঁটাৰে সন্মানিত কৰা হৈছে অভিনেতা গৰাকীক। নেটফ্লিক্সত ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে মুক্তি লাভ কৰা এই ছবিখনে অধিকাংশ দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনত ছিদ্দিকিৰ উপৰি দেখিবলৈ পোৱা যায় ইন্দিৰা তিৱাৰী, শ্বেতা বসু আৰু জিতেন্দ্ৰ কুমাৰকো।

শেহতীয়া ভাৱে "বলিউড হংগামা" নামৰ নিউজ চেনেলটোৰ সৈতে এটি কথোপকথনত অভিনেতা গৰাকীয়ে চলচ্চিত্ৰ জগতত প্ৰচলিত বৰ্ণবিদ্বেষৰ বিষয়ে প্ৰকাশ কৰিছে। নিজৰ ছবি "ছিৰিয়াচ মেন"ৰ ব্যক্ত তেওঁ কয়, যিহেতু ছবিখন নেটফ্লীক্স যোগে মুক্তি লাভ কৰিছে, সেয়ে ই ভিন্ন দৰ্শকৰ মাজলৈকে যোৱাৰ সুযোগ লাভ কৰিলে। যোৱা কিছু দিনৰ পৰা এই OTT প্লেটফৰ্ম সমূহে নিৰ্মাতা সকলক এখনি ভাল মঞ্চ প্ৰদান কৰিছে, য'ত তেওঁলোকে বিভিন্ন সীমা নেওচি নিজৰ কাহিনী দৰ্শকৰ মাজলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছে।

অগতানুগতিক অভিনেত্ৰীৰ বাচনিৰ বিষয়ে ব্যক্ত কৰি অভিনেতা নৱাজুদ্দিন ছিদ্দিকিয়ে কয়, "সুধীৰ মিশ্ৰা চিনেমা সম্বন্ধীয় জ্ঞানেৰে পৰিপক্ক আৰু তেওঁ সকলো বস্তু বাস্তবিক দৃষ্টিৰে পৰীক্ষণ কৰে। তেওঁ নিজৰ ছবিৰ বাবে কোনো গতানুগতিক অভিনেত্ৰীৰ বাচনি নকৰিলে। মই জনাব বিচাৰি যে আমাৰ চলচ্চিত্ৰ জগতত বৰ্ণবিদ্বেষৰ প্ৰচলন অত্যাধিক। কিন্তু এইবোৰ বাদ দি যদি ইন্দিৰা তিৱাৰীয়ে পুনৰ এবাৰ মুখ্য অভিনেত্ৰীৰ চৰিত্ৰ চৰিত্ৰায়ন কৰাৰ সুযোগ পায় মই নথৈ আনন্দিত হ'ম। ইয়াত স্বজনপ্ৰীতিকৈ বৰ্ণবিদ্বেষ বেছি প্ৰভাৱশালী, আৰু মই ইয়াৰ সন্মুখীন হৈছোঁ। মই বিচাৰোঁ ছবিসমূহত শ্যামল বৰণীয়া অভিনেত্ৰী সকলক ল'ব লাগে। আচলতে মই ক'লা বা বগাৰ কথা ক'বলৈ যোৱা নাই, কিন্তু ছালত ৰঙৰ ওপৰত প্ৰাধান্য নিদি সকলোকে সমান অধিকাৰ দিলে আমাৰ ছবি জগতে যথেষ্ট উন্নতি কৰিব"।



লগতে অভিনেতা গৰাকীয়ে জনাই যে, প্ৰথম অৱস্থাত তেওঁ নিজেই ছালৰ ৰং আৰু প্ৰয়োজনতকৈ কিছু চাপৰ হোৱাৰ বাবে, কিছু সমূহ ছবিত কাম কৰিবলৈ পোৱাৰ পৰা বিৰত হৈছিল, কিন্তু ভগৱানক ধন্যবাদ যে তেওঁ বৰ্তমান বিচৰাতকৈ বহু গুণে পাইছে। তেওঁ কয়, তেওঁ মাথোঁ ক'ব বিচাৰে যে বৰ্তমান সময়তো বহু অভিনেতা নিজৰ দেহৰ বৰণৰ বাবে পিছ পৰি ৰৈছে।'

আৰু পঢ়িব পাৰেঃ বলীউডৰ নতুন প্ৰেমিক যুটিক শুভেচ্ছা বহু অভিনেতা-অভিনেত্ৰীৰ

Next Story
চাকৰি