শাৰী পৰিহিতা ফটো শ্বেয়াৰ কৰি প্ৰচণ্ড ট্ৰল খালে ছাৰা আলী খানে
তেওঁ কিয় ট্ৰ'ল খাবলগীয়া হৈছিল, সেই বিষয়ে এই বাতৰিত পঢ়িব পাৰে

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলী খান সামাজিক মাধ্যমত প্ৰায়ে ট্ৰ'লৰ সন্মুখীন হয় । ২০১৯ত কেদাৰনাথত অভিনেত্ৰীগৰাকীক ৰাফলড শাৰী পিন্ধাৰ বাবে বহু বেয়াকৈ ট্ৰ'ল কৰা হৈছিল আৰু নেটিজেনসকলে তেওঁক নটৰাজ পেঞ্চিলৰ সৈতে তুলনা কৰিছিল । এই কথা তেওঁ এতিয়াও পাহৰিব পৰা নাই । তেওঁ কিয় ট্ৰ'ল খাবলগীয়া হৈছিল, সেই বিষয়ে এই বাতৰিত পঢ়িব পাৰেঃ
অভিনেত্ৰী ছাৰাক সততে সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা দেখা যায় আৰু প্ৰায়ে আকৰ্ষণীয় পোষ্ট , ফটো আৰু ভিডিঅ'ৰ সৈতে তেওঁৰ অনুৰাগীসকলক আমোদ দি থাকে। ছাৰাই ২০১৯ত Hello নামৰ আলোচনীৰ বাবে ৰাফলড শাৰী পিন্ধি তোলা এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।
আৰু সম্পূৰ্ণ পোছাকযোৰ ডিজাইন কৰিছিল আবু জানি সন্দীপ খোচলাই । লগতে নিজৰ দুচকু ডাঠ ক'লা কাজলেৰে সজাই তুলিছিল । ছাৰাৰ এই নতুন ৰূপে নিশ্চিতভাৱে নেটিজেনসকলৰ মনোযোগ আকৰ্ষণ কৰিছিল । ইফালে, শেহতীয়া এক সাক্ষাৎকাৰত ছাৰাই পিতৃ চেইফ আলী খান আৰু কৰীণা কাপুৰ খানৰ নৱজাতক হোৱাৰ সময়ত তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "সি মোৰ ফালে চাই হাঁহিছিল আৰু মই ঠিক গলি গৈছিলো । সি সচাঁকৈ মৰমলগা । মোৰ দেউতাই তেওঁৰ জীৱনৰ প্ৰতিটো দশকত তেওঁৰ এটা সন্তান আছিল- তেওঁৰ ২০, ৩০, ৪০ ৰ দশকত । আৰু এতিয়া তেওঁৰ বয়স ৫০ বছৰ। চাৰিটা পৃথক ৰূপত পিতৃত্ব উপভোগ কৰিবলৈ পাইছে ৷ তেওঁ সঁচাকৈয়ে বহুত ভাগ্যৱান । তেওঁলোকৰ সন্তানে মোৰ দেউতা আৰু কৰীণাৰ জীৱনলৈ আৰু অধিক আনন্দ আৰু উত্তেজনা কঢ়িয়াই আনিব আৰু ইয়াৰ বাবে মই সুখী ।"
ছাৰাক ৰাফলড শাৰী পিন্ধা আৰু নটৰাজ পেঞ্চিলৰ সৈতে তুলনা কৰাৰ বাবে ট্ৰ'ল হোৱাৰ সন্দৰ্ভত বাৰু আপোনাৰ মতামত কি? শ্বেয়াৰ কৰক আমাৰ সৈতে-