Begin typing your search above and press return to search.

পাগলেইটৰ সফলতাঃ নতুন ৩ খন নিৰ্মাণ কৰিব বালাজী, শিক্ষা এণ্টাৰটেইনমেণ্টে

উমেশ বিষ্টৰ দ্বাৰা লিখিত আৰু পৰিচালিত পাগলেইটে হাস্যৰসৰ বাবে অনুৰাগীসকলৰ পৰা সঁহাৰি লাভ কৰে ।

পাগলেইটৰ সফলতাঃ নতুন ৩ খন  নিৰ্মাণ কৰিব বালাজী, শিক্ষা এণ্টাৰটেইনমেণ্টে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jun 2021 10:27 AM GMT

এই বছৰৰ আৰম্ভণিতে মুক্তি পোৱা পাগলেইটৰ সফলতাৰ পিছতে ছবিখনৰ আঁৰৰ দলটোৰ প্ৰসংগ পুনৰ অনুৰাগীৰ মাজত চৰ্চিত হৈছে । উমেশ বিষ্টৰ দ্বাৰা লিখিত আৰু পৰিচালিত পাগলেইটে হাস্যৰসৰ বাবে অনুৰাগীসকলৰ পৰা সঁহাৰি লাভ কৰে । ছবিখনত প্রকৃততে বহুকেইটা বিষয়ক ইতিবাচক ৰূপত প্ৰতিফলিত কৰা হৈছে। ছবিখনৰ কেতবোৰ উল্লেখযোগ্য দিশ হ'ল বালাজী-শিক্ষাৰ প্ৰথম সহ-প্ৰযোজনা, অৰিজিত সিঙৰ এজন সুৰকাৰ হিচাপে আত্মপ্ৰকাশ, নীলেশ মিশ্ৰৰ চলচ্চিত্ৰগীতলৈ উভতি অহা আৰু চান্যা মালহোত্ৰাই প্ৰথম মুখ্য চৰিত্ৰত আন কলা-কুশলীৰ সৈতে অভিনয় অন্যতম । বালাজী টেলিফিল্মছৰ একতা কাপুৰ আৰু শিক্ষা এণ্টাৰটেইনমেণ্টৰ গুণীত মোঙ্গাই তিনিখন ছবিৰ বাবে উমেশ বিষ্টক পৰিচালক হিচাপে চুক্তি স্বাক্ষৰ কৰিবলৈ হাত মিলাইছে ।

তেওঁলোকৰ এই সহযোগিতাৰ সন্দৰ্ভত বালাজী টেলিফিল্মছৰ সৃষ্টিশীল দিশৰ প্ৰযোজক আৰু কাৰ্যবাহী উপ-সভাপতি ৰুচিকা কাপুৰ শ্বেইখে কয়,"পাগলেইটে ভাৰতীয় দৰ্শকৰ সন্মুখত অকল্পনীয়ৰূপত প্ৰতিধ্বনিত হৈছিল। সকলোৱে কাহিনীটোৰ সৈতে এটা সংযোগ বিচাৰি পাইছিল৷ সেয়া আছিল উমেশৰ আটাইতকৈ ডাঙৰ শক্তি । তদুপৰি ছবিখনে বালাজী আৰু শিক্ষাৰ মাজত এক সমতা স্থাপন কৰিছে ৷ গুণীত মোঙ্গাই এই সম্পৰ্কত কয়, "মোৰ এতিয়াও উমেশ ছাৰক প্ৰথম লগ পোৱাৰ দিনটো মনত আছে।

কাহিনীবোৰৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী অতুলনীয় আৰু একোটা প্ৰকল্পৰ প্ৰতি তেওঁৰ বিশ্বাস আৰু দায়বদ্ধতা অনুপ্ৰেৰণাদায়ক । " আনহাতে, এই সন্দৰ্ভত উমেশ বিষ্টে কয়, "এই সকলো কথা-বতৰা তেতিয়া আৰম্ভ হৈছিল যেতিয়া মই ২০১৮ চনত গুণীতক প্ৰথম লগ পাইছিলো আৰু তেতিয়াৰ পৰা পিছলৈ ঘূৰি চোৱা নাই। এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে এক সহযোগিতামূলক এটা পৰিস্থিতি সকলোৱে বিচাৰে, য'ত দলটোৱে ছবিখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব পাৰে । আৰু মই আনন্দিত যে মই এইটো শিক্ষা আৰু বালাজীত পাইছো ।

তেওঁলোকে এজন পৰিচালকৰ ওপৰত যি বিশ্বাস ৰাখিছিল সেয়া বিৰল । অংশীদাৰ হিচাপে, তেওঁলোকে ইজনে সিজনৰ ওপৰত বিশ্বাস কৰে । মই তেওঁলোকৰ সৈতে এই যাত্ৰাটো আগুৱাই নিবলৈ উৎসাহ অনুভৱ কৰিছো ।"

Next Story
চাকৰি