Begin typing your search above and press return to search.

ভগ্নীৰ বিষয়ে কিছু গোপন কথা ফাদিল কৰিলে অভিনেত্ৰী কৃতি চেননে

নূপুৰে প্ৰতিটো উৎসৱৰ কাৰণে তাই প্ৰজাতিয় সাজসজ্জা পৰিধান কৰি ভাল পায় - কৃতি চেনন।

ভগ্নীৰ বিষয়ে কিছু গোপন কথা ফাদিল কৰিলে অভিনেত্ৰী কৃতি চেননে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-15T16:36:52+05:30

নিজৰ প্ৰতিভা আৰু দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন জয় কৰাত কোনো ধৰণে পিছ পৰি ৰোৱা নাই অভিনেত্ৰী কৃতি চেনন। আৰু তেওঁৰেই পদচিহ্ন অনুকৰণ কৰিছে ভগ্নী নূপুৰ চেননে। এটি শ্ৰব্য গীতৰ ভিডিঅ' ৰে ৰূপালী জগতত খোজ দিয়া নূপুৰক অতি সোনকালে এটি আমোদজনক ছবিত দেখিবলৈ পাব বুলি আশা প্ৰকাশ কৰা হৈছে ।

বোম্বাই টাইমছৰ সৈতে অনুষ্ঠিত হোৱা এটি সাক্ষাৎকাৰত অভিনেত্ৰী কৃতি চেননে ভগ্নীৰ বিষয়ে কিছু গোপন কথা প্ৰকাশ কৰে। তেওঁ ব্যাখ্যা কৰে যে নূপুৰে কেমেৰাৰ বাবে প'জ কৰি কিমান ভাল পাই আৰু কেমেৰাৰ আগত ভাল দেখাবৰ বাবে প্ৰতি বাৰে অন্তিম বাৰতকৈ বেছি প্ৰচেষ্টা চলায়।

উদাহৰণ স্বৰূপে তেওঁ কয় যে, প্ৰতিটো উৎসৱৰ কাৰণে তাই প্ৰজাতিয় সাজসজ্জা পৰিধান কৰি ভাল পায়। অভিনয় জগতলৈ অহাৰ আগেয়েও তাই ৰক্ষাবন্ধনৰ দিনা ধুনীয়াকৈ সাজসজ্জা পৰিধান কৰিহে ৰাখী বান্ধে, আৰু অন্যহাতে মই পায়যামা পিন্ধিয়েই ৰাখি বান্ধিব পাৰো।

যাৰ প্ৰত্যুত্তৰত নূপুৰে কয় যে, যিহেতু আমি ভাৰতীয় উৎসৱ পালন কৰিছোঁ, তেন্তে ভাৰতীয় সাজপাৰ পৰিধান কৰিবই লাগিব। আৰু লকাডাউনৰ কাৰণে সম্পূৰ্ণ এটা বছৰ কোনো আনন্দ - উচ্ছাহৰ অবিহনে পাৰ হ'ল, সেয়ে এতিয়া যেতিয়া সুবিধা পাইছোঁ তাৰ তেন্তে নিজকে নসজোৱাকৈ যে কেনেকৈ থাকোঁ।

দুয়ো ভগ্নীৰ মাজত ৫বছৰৰ বয়সৰ অন্তৰাল যদিওঁ, দুয়ো খুবেই ভাল বন্ধুৰ দৰে। লকাডাউনৰ সময়ত দুয়োয়ে এজনীয়ে আনজনিক সাহস যোগাইছিল। নূপুৰে কয়, তেওঁৰ জীৱনত প্ৰতিটো সিদ্ধান্তত কৃতিৰ উপদেশ অতিকৈ বাঞ্ছনীয়।

আৰু পঢ়িব পাৰেঃ ৩০০০ ছোৱালীৰ অডিচনৰ পিছত পৰদেশৰ বাবে নিৰ্বাচিত কৰা হৈছিল মহিমা চৌধুৰীক

Next Story