যুগ্মজীৱন আৰম্ভ হ'ল ৰীয়া কাপুৰ-কৰণ বুলানিৰঃ আৰু এখন চেলেব্ৰিটী বিয়া

আজি অৰ্থাৎ ১৪ আগষ্ট ২০২১ অভিনেতা অনিল কাপুৰৰ নিজা বাসগৃহত দুয়োৰে বিয়াৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
যুগ্মজীৱন আৰম্ভ হ'ল ৰীয়া কাপুৰ-কৰণ বুলানিৰঃ আৰু এখন চেলেব্ৰিটী বিয়া
Published on: 

বলিউডৰ চেলিব্ৰেটীদ্বয় ৰিয়া কাপুৰ আৰু কৰণ বুলানিৰ বিয়াৰ চৰ্চা এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এনে চৰ্চাৰ মাজতে আজিৰ পৰা দুয়োৱে যুগ্মজীৱনৰ পাতনি মেলিব।  জানিব পৰা মতে, আজি পৰা মতে আজি অৰ্থাৎ ১৪ আগষ্ট ২০২১ অভিনেতা অনিল কাপুৰৰ নিজা বাসগৃহত  দুয়োৰে বিয়াৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

শেহতীয়াকৈ দৰা কৰণে নিজৰ ইনষ্টাগ্রাম ষ্টৰীত মহাদেৱ শিৱ আৰু পাৰ্বতীৰ এখন ফটো শ্বেয়াৰ কৰিছে, যাৰ অৰ্থ হ'ল এক সম্পূৰ্ণ মিলন। কেইদিনমান আগতে তেওঁৰ বাকদত্তা ৰিয়ায়ো  নিজৰ ইনষ্টাগ্ৰাম পষ্টৰ জৰিয়তে নিজৰ আহিব লগীয়া বিয়াৰ বিজয়ী কিছু সংকেত দিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com