Begin typing your search above and press return to search.

পুনৰ এবাৰ "কৃষ্ণা" আৰু "প্ৰতিজ্ঞা" ৰূপত আৰহান বেহল আৰু পূজা গৌৰ

এই ছবিৰ কাহিনী প্রতিজ্ঞাৰ জীৱনৰ ওপৰত আধাৰিত।

পুনৰ এবাৰ কৃষ্ণা আৰু প্ৰতিজ্ঞা ৰূপত আৰহান বেহল আৰু পূজা গৌৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Oct 2021 11:45 AM GMT

পুনৰ এবাৰ "কৃষ্ণা" আৰু "প্ৰতিজ্ঞা" ৰূপত সৰু পৰ্দালৈ ভুমুকি মাৰিব বিশিষ্ট অভিনেতা আৰহান বেহল আৰু পূজা গৌৰে এখন নতুন ছবিৰ জৰিয়তে। ছবিখনৰ নাম - " অনকহে দাষ্টান - প্ৰতিজ্ঞা"। এই ছবিখনে সম্প্ৰচাৰ পাব অহা ১৭ অক্টোবৰত। প্ৰযোজনাত আছে ৰাজন শ্বাহ। বেনাৰ নিৰ্দেশনা কুট প্ৰডাকচন, আৰু লেখক পাৰ্ল গ্ৰে।

ছবিখনৰ সম্বন্ধত ৰাজনে ব্যক্ত কৰে, "জনপ্ৰিয় ধাৰাবাহিক প্রতিজ্ঞাক, অনকহে দাষ্টানৰ এটি কাহিনী ৰূপে ৰূপায়ন কৰিবলৈ পায় মই সুখী অনুভৱ কৰিছোঁ। এনে এখন মঞ্চ আগবঢ়োৱাৰ বাবে মই ষ্টাৰ প্লাছক ধন্যবাদ জনাও"।

এই ছবিৰ কাহিনী প্রতিজ্ঞাৰ জীৱনৰ ওপৰত আধাৰিত। কিদৰে কৃষ্ণাই প্ৰতিজ্ঞাৰ বিয়াৰ আগৰ জীৱন সম্বন্ধীয় বিভিন্ন বিষয়ক লৈ প্ৰতিজ্ঞাক প্ৰশ্ন কৰিছিল আৰু বিয়াৰ পাছত আন পুৰুষৰ লগত সম্বন্ধ থকা বুলি সন্দেহ প্ৰকাশ কৰিছিল। প্রতিজ্ঞা আৰু কৃষ্ণাৰ জীৱনৰ বিষয়ে আৰু জানিবলৈ অপেক্ষা কৰক ১৭ অক্টোবৰলৈ।


আৰু পঢ়িব পাৰেঃ কাৰাৰুদ্ধ পুত্ৰৰ মঙ্গলাৰ্থে উপবাস ৰাখিছে গৌৰী খানে

Next Story
চাকৰি