Begin typing your search above and press return to search.

স্বামীৰ জন্মদিন: আমেৰিকালৈ উৰা মাৰিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই

ভালপোৱা মানে কেৱল নিজৰ সংগীক ভাল পোৱা নুবুজায় ৷ তেওঁৰ লগতে তেওঁৰ অভিভাৱক আৰু পৰিয়ালকো ভালপোৱা বুজায়।

স্বামীৰ জন্মদিন: আমেৰিকালৈ উৰা মাৰিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2021 10:29 AM GMT


ব্ৰিটেইনত কিছুদিন ধৰি বাহৰ পাতি থকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা সম্প্ৰতি স্বামী নিক জনছৰ জন্মদিন উদযাপনৰ কৰিবৰ কাৰণে মাৰ্কিন যুক্তৰাষ্ট্ৰ অভিমুখী হৈছে। লছ এঞ্জেলছৰ দিশে অভিমুখী অভিনেত্ৰীগৰাকীক বিমানকোঠত পৰিধান কৰা দেখা গ'ল এনিমেল প্ৰিণ্ট থকা এটা স্বেতাৰ আৰু ক'লা পেণ্ট। এই লুক সম্পূৰ্ণ কৰে এটি নিউয়ৰ্ক যাঙ্কি টুপী, ক'লা মাস্ক আৰু এযোৰ ওখ বুটেৰে।

কিছুদিন পূৰ্বে এটি সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিবাহ আৰু স্বামী নিক জনছৰ বিষয়ে তেওঁ কয়, "নিক এজন কূটনৈতিক ধৰণৰ ব্যক্তি। কিন্তু মই তেওঁৰ পৰা সম্পূৰ্ণ বিপৰীত যদি মোৰ বেয়া লাগিছে, তেন্তে মোৰ বেয়াই লাগিছে"। তেওঁ কয় যে প্ৰেমে জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু সেয়ে খেল খেলা। ভালপোৱা মানে কেৱল নিজৰ সংগীক ভাল পোৱা নুবুজায় ৷ তেওঁৰ লগতে তেওঁৰ অভিভাৱক আৰু পৰিয়ালকো ভালপোৱা বুজায়। ভালপোৱাই সম্পূৰ্ণভাবে নিজক সমৰ্পন কৰা বুজায়।"

আনহাতে, অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বামীৰ বিষয়ে কয় যে নিকে তেওঁৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ এজন অতিকৈ শান্ত স্বভাৱৰ ব্যক্তি। " তেওঁৰ সংগত মই নিজকে শান্ত ৰাখিবলৈ শিকিছো। তেওঁ হাঁহি হাঁহি কয় যে, এতিয়া যিকোনো কথাত খং উঠিলেও মই শান্ত হৈ থাকিব পাৰোঁ", প্ৰিয়ংকাই লগতে এইদৰে কয় ৷


আৰু পঢ়িব পাৰেঃ মুহূৰ্ত্ততে ভাইৰেল হৈ পৰিল অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ বিকৃত ফটো

Next Story
চাকৰি