ভাৰতৰ ক'ৰণা আক্ৰান্তলৈ সহায়ৰ হাত প্ৰিয়ংকা চোপ্ৰা-নিক জোনছৰ

ভাৰতৰ ক'ৰণা আক্ৰান্তলৈ সহায়ৰ হাত প্ৰিয়ংকা চোপ্ৰা-নিক জোনছৰ

যি পুঁজি তেওঁলোকৰ অনুৰাগীসকলৰ সহায়ত সংগ্ৰহ কৰিছিল, তাৰ পৰিমাণে সম্প্ৰতি তিনি নিযুত ডলাৰৰ সংখ্যা স্পৰ্শ কৰিছে
Published on

শুকুৰবাৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনছে ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে জনায় যে ভাৰতত ক'ৰণা মহামাৰী সময়ত তেওঁলোকে যি পুঁজি তেওঁলোকৰ অনুৰাগীসকলৰ সহায়ত সংগ্ৰহ কৰিছিল, তাৰ পৰিমাণে সম্প্ৰতি তিনি নিযুত ডলাৰৰ সংখ্যা স্পৰ্শ কৰিছে।

জোনচ দম্পত্তীয়ে এটা ভিডিঅ'ৰ জৰিয়তে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু কয় " যেতিয়া ভাৰতক আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ল আপোনালোকৰ ওলাই আহিল । সমগ্ৰ বিশ্বৰ প্ৰায় ১৫,০০০ কৈও অধিক লোক ওলাই আহিল আৰু ভাৰতক এই মহামাৰীৰ পৰা উদ্ধাৰৰ হেতু সকলোৱে একেলগে হাত আগবঢ়ালে।"

নিক জোনছে কয় যে সকলোৰে মৰম আৰু সহায়ৰ বাবে সীমা নেওচি তেওঁলোকে অচিনাকিসকলকো সহায়ৰ হাত আগবঢ়াবলৈ সক্ষম হ'ল। প্ৰিয়ংকাই ইনষ্টাগ্ৰামত ভিডিঅ' টো শ্বেয়াৰ কৰি লিখিছে, "আমি এয়া একেলগে কৰিলোঁ... ভাৰতৰ বাবে। ধন্যবাদ।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com