

বিগ বছত-১৪ত দুই সতীৰ্থ ক্ৰমে নিকি টাম্বোলে আৰু জেচমিন ভাছিনৰ লগত প্ৰচণ্ড মাৰধৰত লিপ্ত হৈছিল ৰাখী সাৱন্ত ।. ফলত তেওঁ শৰীৰৰ বিভিন্ন স্থানত আঘাত পায়। এই মাৰধৰৰ ঘটনাৰ কিছু মাহৰ পাছত ৰাখীয়ে নাকৰ অস্ত্ৰোপচাৰ কৰায়। ইয়াৰ প্ৰাক-মুহূৰ্তলৈ তেওঁ নাকৰ বিষ-বেদনাত জৰ্জৰিত আছিল। নাকৰ অস্ত্ৰোপচাৰ কৰোৱাৰ কথা প্ৰকাশ কৰি ৰাখীয়ে ইনষ্টাগ্ৰামত এটা নতুন ভিডিঅ' আপলোড কৰিছে।
এই ভিডিউত  তেওঁ প্ৰকাশ কৰিছে যে সেই মাৰপিটত লিপ্ত হোৱাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈ কেনেদৰে অসহনীয় বিষৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হয়।  অস্ত্ৰোপচাৰৰ পাছত  তেওঁ অসহ্যকৰ নাকৰ বিষৰ পৰা সকাহ পোৱা বুলিও মন্তব্য় কৰিছে।  ৰাখীয়ে লগতে কয় যে তেওঁ সেই মাৰধৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু এজন বা দুজন লোকৰ বাহিৰে কোনেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল।
তদুপৰি তেওঁ তেওঁৰ চিকিৎসকক ধন্যবাদ জনাই লিখিছে, " ডাঃ জিতেশ শেট্টীয়ে এটা অস্ত্ৰোপচাৰ কৰে । আৰু এতিয়া মই সুখী আৰু বিষমুক্ত। আপোনাৰ প্ৰাৰ্থনা, অনুৰাগী আৰু বন্ধুবৰ্গক ধন্যবাদ।"
