Begin typing your search above and press return to search.

বিয়াৰ বাবে মিলনস্থলিৰ সন্ধানত নেকি আলিয়া আৰু ৰণবীৰ ?

২০২০চনৰ এপ্ৰিলত ঋষি কাপুৰৰ দেহাৱসানৰ পাছত সাহসিকতাৰে কাপুৰ পৰিয়ালৰ লগত থিয় দিয়ে অভিনেত্ৰী আলিয়াই।

বিয়াৰ বাবে মিলনস্থলিৰ সন্ধানত নেকি আলিয়া আৰু ৰণবীৰ ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2021 6:56 AM GMT

সম্প্ৰতি চৰ্চাত থকা বলীউডৰ জনপ্ৰিয় প্ৰেমিক যুটি আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক কালি দেওবাৰে প্ৰত্যক্ষ কৰা হয় বিমানকোঠত। অহা ২৮ছেপ্টেম্বৰত জীৱনৰ ৩৯টা বসন্ত সম্পূৰ্ণ কৰিব অভিনেতা ৰণবীৰ কাপুৰে আৰু এই বিশেষ দিনৰ ব্যক্তিগত উদযাপনৰ বাবেই যোধপুৰ অভিমুখে ৰাওনা হৈছে ৰণবীৰ আৰু আলিয়া। যোৱা বছৰ অভিনেতাগৰাকীয়ে নিজৰ জন্মদিন মাতৃ নিতু কাপুৰ, ভগ্নী ৰিদ্ধিমা কাপুৰ আৰু আলিয়া ভাটৰ সৈতে মুম্বাইত উদযাপন কৰে। কিছু খবৰ অনুসৰি দুয়ো প্ৰেমিক-প্ৰেমিকাই প্ৰকৃততে নিজৰ বিবাহৰ বাবে মিলনস্থলিৰ সন্ধানতহে ৰাজস্থান অভিমুখী হৈছে।

উল্লেখ্য যে যোৱা বছৰ অভিনেতা ৰণবীৰ ব্যক্ত কৰে যে কৰ'ণা মহামাৰীৰ বাবে আতংকৰ সৃষ্টি নোহোৱা হ'লে যোৱা বছৰেই দুয়োৰে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা আছিল। লগতে অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ অতি সোনকালেই বিবাহিত পুৰুষৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব বিচাৰে। লক-ডাউনৰ সময়ছোৱা ৰণবীৰ আৰু আলিয়াই একেলগেই পাৰ কৰে। তদুপৰি যোৱা ২০২০চনৰ এপ্ৰিলত ঋষি কাপুৰৰ দেহাৱসানৰ পাছত সাহসিকতাৰে কাপুৰ পৰিয়ালৰ লগত থিয় দিয়ে অভিনেত্ৰী আলিয়াই। কাপুৰ পৰিয়ালৰ নতুন ঠিকনা "কৃষ্ণৰাজ"ৰ নিৰ্মাণকাৰ্যৰ চোৱাচিতা কৰাত ৰণবীৰ আৰু নিতু কাপুৰক সমান্তৰালভাবে সহযোগিতা কৰে অভিনেত্ৰীগৰাকীয়ে।

বাস্তবিক জীৱনৰ ৰোমাঞ্চৰে বাতৰিৰ শিৰোনামা দখল কৰা এই প্ৰেমিক যোৰাক অতি সোনকালে "ব্ৰহ্মাস্ত্ৰ" ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত ৰোমাঞ্চ কৰা দেখিবলৈ পোৱা যাব। উক্ত ছবিত তেওঁলোকৰ উপৰি দেখিবলৈ পোৱা যাব কালজয়ী অভিনেতা অমিতাভ বচ্চনক আৰু লগত আছে ডিম্পল কপাদিয়া, নাগাৰ্জুনা আৰু মৌনি ৰয়।

Next Story
চাকৰি