Begin typing your search above and press return to search.

"বিগ বছ"ৰ ৩৫লাখৰো অধিক টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ৰিয়া চক্ৰৱৰ্তীৰ

বহু চলচ্চিত্ৰ আৰু ৱেব চিৰিজৰ প্ৰস্তাৱ পোৱাৰ পাছতো বৰ্তমানলৈকে কাৰোৰে সৈতে স্বাক্ষৰ কৰা নাই অভিনেত্ৰীগৰাকীয়ে।

বিগ বছৰ ৩৫লাখৰো অধিক টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ৰিয়া চক্ৰৱৰ্তীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2021 8:23 AM GMT

কালাৰ্ছ টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' "বিগ বছ ১৫"ত অংশগ্ৰহণ কৰিবৰ বাবে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সাপ্তাহিক ৩৫লাখ টকাৰো অধিক পাৰিশ্ৰমিকৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। এনে এক সুবিধাৰ অতিকৈ প্ৰয়োজনীয় হোৱাৰ পাছতো অভিনেত্ৰীগৰাকীয়ে বিনম্ৰভাৱে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। এই খবৰে সকলোকে আচম্বিত কৰি তুলিছে।

অহা ২অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া "বিগ বছ ১৫"ৰ অভিনেত্ৰী ৰিয়াই অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। সম্প্ৰতি অভিনেত্ৰী গৰাকী ব্যস্ত বলিউড আৰু তলিউডৰ বিভিন্ন নিৰ্মাতাসকলৰ ছবিৰ লগত। জানিব পৰা মতে, অতি সোনকালেই পুনৰ এবাৰ ৰূপালী পৰ্দাত ভুমুকি মাৰিব অভিনেত্ৰীগৰাকীয়ে।

যোৱা বছৰৰ পৰা বিভিন্ন ধৰণে বাতৰিৰ শিৰোনামাত থকা অভিনেত্ৰীগৰাকীয়ে বৰ্তমানে নিজকে সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখিছে। বহু চলচ্চিত্ৰ আৰু ৱেব চিৰিজৰ প্ৰস্তাৱ পোৱাৰ পাছতো বৰ্তমানলৈকে কাৰোৰে সৈতে স্বাক্ষৰ কৰা নাই অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াভাৱে অভিনেত্ৰীগৰাকীক দেখিবলৈ পোৱা গৈছিল ৰুমি জাফৰি নিৰ্দেশিত ছবি "চেহৰে"ত, যাৰ মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল কিংবদন্তি অভিনেতা অমিতাভ বচ্চন আৰু ইমৰান হাস্মীক। এই ছবিয়ে দৰ্শকৰ পৰা কিছু মিশ্ৰ প্ৰতিক্ৰিয়া লাভ কৰা পৰিলক্ষিত হৈছে ।

আৰু পঢ়িব পাৰেঃ ৰণবীৰ কাপুৰ আৰু তেওঁৰ দ্বাৰা প্ৰত্যাখিত কিছু ছুপাৰহিট ছবি

Next Story
চাকৰি