Begin typing your search above and press return to search.

"সকলো পৰিস্থিতিৰ মাজত বাঢ়িবলৈ শিকা উচিত" - ৰিয়া চক্ৰৱৰ্ত্তী

ইনষ্টাগ্ৰামৰ ষ্টৰীযোগে এই বাৰ্তা অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ।

সকলো পৰিস্থিতিৰ মাজত বাঢ়িবলৈ শিকা উচিত - ৰিয়া চক্ৰৱৰ্ত্তী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Oct 2021 7:11 AM GMT

যোৱা বছৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতেই বাতৰিৰ শিৰোনাম দখল কৰে বলিউড অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্ত্তীয়ে । ড্ৰাগছ সেৱনৰ অপৰাধত এন.চি.বি.য়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰীগৰাকীক। শেহতীয়াভাবে নিষিদ্ধ ড্ৰাগছ সেৱনৰ দোষত অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান এন.চি.বি.ৰ হাতত কৰায়ত্ব হৈ থকা অৱস্থাতে, ৰিয়া চক্ৰৱৰ্ত্তীয়ে ইনষ্টাগ্রাম যোগে শ্বেয়াৰ কৰিছে এটি বিশেষ বাৰ্তা।

এই বাৰ্তা অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰিছে নিজ ইনষ্টাগ্ৰাম হেণ্ডেলৰ ষ্টৰীযোগে, য'ত লিখা আছে, "সকলো পৰিস্থিতিৰ মাজত বাঢ়িবলৈ শিকা"।

যোৱা বছৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ নিধনৰ পাছতেই অভিনেতা গৰাকীক মৃত্যু অভিমুখে ঠেলি দিয়া, আৰু তেওঁৰ পৰা ধন সৰবৰাহ কৰা, আৰু ড্ৰাগছ সম্বন্ধীয় অভিযোগত অভিনেত্ৰী ৰিয়া আৰু তেওঁৰ ভাতৃ চৌৱিকক আটক কৰাৰ হৈছিল। অভিনেত্ৰী গৰাকীয়ে সুদীৰ্ঘ এটা মাহ মুম্বাইৰ বাইকুলা কাৰাবাসত পাৰ কৰে।

যোৱা বুধবাৰে এন.চি.বি.য়ে আৰ্য়ান খানক এন.ডী.পি.এচ. এক্টৰ দ্বাৰা নিসিদ্ধ ড্ৰাগছৰ সৰবৰাহ, সেৱন আৰু ইয়াক আনৰ মাজত বিলাই দিয়াৰ দোষত নিজৰ জিম্মাত লয়।

বিষয়া সকলে গোচৰ তুলিছে যে আৰ্য়ানৰ কোনো বিদেশী ড্ৰাগছ ডিলাৰৰ লগত গোপন সম্পৰ্ক আছে, যাৰ সম্বন্ধ আন্তঃৰাষ্ট্ৰীয় নিষিদ্ধ ড্ৰাগছ চিণ্ডিকেটৰ লগত থাকিব পাৰে, আৰু পৰবৰ্তী সোধপোচত বহু তথ্য পোহৰলৈ আহিব বুলি তেওঁলোক আশাবাদী।


আৰু পঢ়িব পাৰেঃ 'গডৰ ২'ৰ সৈতে উভতি আহিছে ছানি দেউল

Next Story
চাকৰি