Begin typing your search above and press return to search.

পুনৰ চৰ্চালৈ হৃত্বিক-কংগনাৰ পুৰণি সম্পৰ্কৰ বিতৰ্ক

য'ত অভিনেত্ৰীগৰাকীয়ে অভিনেতাজনক তেওঁৰ পতনুৱা প্ৰাক্তন প্ৰেমিক বা " silly ex" বুলি অভিহিত কৰিছিল।

পুনৰ চৰ্চালৈ হৃত্বিক-কংগনাৰ পুৰণি সম্পৰ্কৰ বিতৰ্ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2021 1:30 PM GMT

জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশন আৰু কংগনা ৰাণাৱটৰ সম্পর্কৰ বিষয়ে হয়তো প্ৰায় সকলোৰে জ্ঞাত । তেওঁলোকৰ মাজত হোৱা কাজিয়াখনে নিশ্চিতভাৱে দুয়োৰে অনুৰাগীসকলক হতাশ বা বিভ্ৰান্ত কৰিছিল । কিন্তু এই অনুৰাগীসকল এতিয়াও নিশ্চিত নহয় যে প্ৰকৃত সত্যটো কি আছিল ? যদিও তেওঁলোকৰ মাজত হোৱা বাকযুদ্ধৰ প্ৰায় ৪-৫ বছৰ হ'ল, তথাপিও ইয়াক লৈ চৰ্চা অব্যাহত আছে। কিন্তু আজি, আমি আপোনাক এই বাকযুদ্ধৰ প্ৰাৰম্ভিক পৰ্যায়লৈ ঘূৰাই নিয়াৰ কথা ভাবিছো , য'ত অভিনেত্ৰীগৰাকীয়ে অভিনেতাজনক তেওঁৰ পতনুৱা প্ৰাক্তন প্ৰেমিক বা " silly ex" বুলি অভিহিত কৰিছিল। সাধাৰণতে কংগনা বলিউডৰ জগতখনত স্পষ্টবাদী স্বভাৱৰ বাবে জনাজাত ।

আৰু এবাৰ কংগনাই হৃত্বিকক তেওঁৰ "প্ৰাক্তন প্ৰেমিক" বুলি শ্বেয়াৰ কৰাৰ পিছত ইণ্টাৰনেটত ব্যাপক চৰ্চিত হৈছিল । সেই সময়ত, হৃত্বিকৰ সৈতে আৰু কংগনাৰ প্রেমৰ সম্পৰ্ক আছে বুলি বাতৰি ওলাইছিল । ছুছান খানৰ সৈতে 'ধুম' তাৰকাগৰাকীৰ বৈবাহিক সম্পৰ্ক অন্ত পৰাৰ এক কাৰণ বুলি অভিযোগ উত্থাপিত হৈছিল । যদিও এই অভিযোগৰ কোনো ধৰণৰ প্ৰমাণ কাৰোৰো ওচৰত নাছিল । কাৰণ অভিনেতাজনে সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছিল ।

দৰাচলতে হৃত্বিকে কংগনাক আশিকী-৩ৰ নায়িকা হিচাপে নোলোৱাৰ বিষয়েও বাতৰি ওলাইছিল । এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰা হৈছিল আৰু উত্তৰ দিছিল এনেদৰে, "হয়, বহুতো উৰা-বাতৰি ওলাইছে । আনকি এটা বোবা গাধইও ক'ব পাৰে যে এই উৰা-বাতৰিবোৰ ক'ৰ পৰা আহিছে। মই নাজানো কিয় প্ৰাক্তনসকলে আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এনে মূৰ্খামিৰ কাম কৰে। মোৰ বাবে সেই অধ্যায়টো শেষ হৈছে আৰু মই কবৰ খনন নকৰোঁ।" ইয়াৰ পিছতে হৃত্বিকে তেওঁৰ টুইটত কংগনাক পৰোক্ষভাৱে ইতিকিং সূচক কথাও কৈছিল ঃ

* আপোনাৰ এইবোৰ মনত আছেনে ? এই বিষয়ে আপোনাৰ মতামত আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে তলত কমেণ্ট কৰি ।

আৰু পঢ়িব পাৰেঃ ৰাম ৰহিম সিঙৰ চৰিত্ৰত অভিনয় কৰি কাৰাগাৰলৈ গৈছিল অভিনেতা কিকু শাৰদা !

Next Story
চাকৰি