Begin typing your search above and press return to search.

"বিগ বিৰ অৱসৰ লোৱাৰ সময় আহি পালেঃ ছেলিম খান

পোনপ্ৰথম বাৰৰ কাৰণে অমিতাভ বচ্চন আৰু চলিম খান একত্ৰিত হৈছিল "জঞ্জীৰ"ৰ বাবে

বিগ বিৰ অৱসৰ লোৱাৰ সময় আহি পালেঃ  ছেলিম খান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2021 9:43 AM GMT

শতাধিক ছবিত বিশিষ্ট অভিনেতা অমিতাভ বচ্চনৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছে জনপ্ৰিয় অভিনেতা ছলমান খানৰ পিতৃ ছেলিম খানৰ। শেহতীয়া ভাৱে এটি বৈঠকত কিংবদন্তি লেখকগৰাকীয়ে প্ৰকাশ কৰে যে মেগাষ্টাৰ বচ্চনৰ এতিয়া অৱসৰ লোৱাৰ সময় আহি পালে। অভিনয় জগতৰ প্ৰতিযোগিতাত নামি পৰাতকৈ এতিয়া তেওঁ নিজৰ মনোবাঞ্ছা হকে কাম কৰা উচিত।

খানৰ মতে অভিনেতা গৰাকীয়ে নিজৰ জীৱনত বিচৰা সকলো খিনিয়ে আহৰণ কৰিবলৈ সক্ষম হৈছে। লেখক গৰাকীৰ মতে, জীৱনৰ কিছু ক্ষণ মানুহে কেৱল নিজৰ বাবে জীয়াই থাকিব লগে। খানে যোগ কৰে যে, নিজৰ পেছাদাৰী জীৱনত বচ্চনে উন্নতিৰ শিখৰত ভৰি দিবলৈ সক্ষম হ'ল, নিজৰ আৰু পৰিয়ালৰ বাবে তেওঁ এটা ভিন্ন নাম গঢ়ি তুলিলে, আৰু এতিয়া সময় আহি পৰিছে যেতিয়া তেওঁ এক স্মৰণীয় অৱসৰ ল'ব পাৰে।

তেওঁ কয় ব্যক্তিৰ জীৱনত অৱসৰ অতিকৈ দৰকাৰী। সৰু পৰা ডাঙৰ হোৱা লৈকে আমাৰ জীৱনত বিভিন্ন ধৰণৰ দায়িত্ব আহি পৰে যেনে , পঢ়া- শুনা, চাকৰি, পৰিয়াল ইত্যাদি ইত্যাদি। এই অৱসৰে ব্যক্তিক সকলো দায়িত্বৰ পৰা মুকলি কৰে। যাতে তেওঁ জীৱনৰ কিছু ক্ষণ কেৱল নিজৰ কৰি ল'ব পাৰে।



আৰু পঢ়িব পাৰেঃ ঈশা গুপ্তাৰ টপলেছ ফটোক লৈ চৰ্চা

চলিম খানে কয় যে, বচ্চনে, "এংগ্ৰী য়ং মেন"ৰ ভূমিকা সুন্দৰ ভাবে আদায় কৰিছিল, যি এতিয়াও পাৰে। কিন্তু বৰ্তমান সময়ত তেওঁ কাৰণে উপযুক্ত কাহিনী লিখিব পৰা নাযায়। তেওঁ কয়, আমাৰ ছবিজগতে আগতকৈ বহুগুণে উন্নতি কৰিলে, কিন্তু এটা বস্তু কম হৈ ৰ'ল, সেইয়া হৈছে ভাল কাহিনী।

১৯৭৩চনত পোনপ্ৰথম বাৰৰ কাৰণে অমিতাভ বচ্চন আৰু চলিম খান একত্ৰিত হৈছিল "জঞ্জীৰ"ৰ বাবে। তদুপৰি দুয়োৰে একেলগে আন এখন খ্যাতিপ্ৰাপ্ত ছবি আছিল "শ্বোলে"।

Next Story
চাকৰি