Begin typing your search above and press return to search.

দীপাৱলীত মুক্তি পাব ছলমানৰ নতুন ছবি "অন্তিম"-এ

ছবিখনৰ মুখ্য চৰিত্ৰ এজন আৰক্ষী বিষয়াৰ চৰিত্ৰটো ৰূপায়ন কৰিব ছলমান খানে।

দীপাৱলীত মুক্তি পাব ছলমানৰ নতুন ছবি অন্তিম-এ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2021 11:33 AM GMT

জনপ্ৰিয় অভিনেতা ছলমান খান আৰু আয়ুশ শৰ্মা অভিনীত ছবি "অন্তিম : দা ফাইনেল ট্ৰুথ"ৰ মুক্তিৰ বাবে অপেক্ষা কৰিছে সকলো চিনেমাপ্ৰেমী দৰ্শকে। মহেশ মঞ্জেৰকাৰৰ দ্বাৰা নিৰ্মিত এই ছবিত চলমান খানক দেখিবলৈ পোৱা যাব এগৰাকী শিখ পুলিচ বিষয়াৰ চৰিত্ৰত। শেহতীয়া খবৰ অনুসৰি নিৰ্মাতাই এই ছবি মুকলি অহা মাহত কৰাৰ দিন ধাৰ্য কৰিছে। এটি সাক্ষাৎকাৰত নিৰ্দেশক মঞ্জৰেকৰে ব্যক্ত কৰে যে এই ছবিক তেওঁলোকে আগন্তক দীপাৱলীৰ দিনা মুকলি কৰাৰ সিদ্ধান্ত লৈছে। আৰু এই ছবি প্ৰধানভাবে মহাৰাষ্ট্ৰৰ দৰ্শকক উদ্দেশ্য মুক্তি দিয়া হব।

"অন্তিম" ছবিখন এখন চুপাৰহিট মাৰাঠী ছবিৰ হিন্দী সংস্কৰণ। ছবিখন যদিও ছবিগৃহত মুকলি কৰাৰ মনোবাঞ্ছাৰে নিৰ্মাণ কৰা হৈছিল যদিও, বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ইয়াক OTT প্লেটফৰ্মত সম্প্ৰচাৰ কৰা হ'ব। ছবিখনৰ মুখ্য চৰিত্ৰ এজন আৰক্ষী বিষয়াৰ চৰিত্ৰটো ৰূপায়ন কৰিব ছলমান খানে।

Next Story
চাকৰি