Begin typing your search above and press return to search.

"চেলমন ভয়"ৰ বিৰুদ্ধে চলমান খান।

"চেলমন ভয়" এই শব্দটো শুনিছেনে?

চেলমন ভয়ৰ বিৰুদ্ধে চলমান খান।

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Sep 2021 10:45 AM GMT

হয়। এই বিশেষ নাম অভিনেতা চলমান খানৰে, যাৰ অতিকৈ ব্যৱহাৰ হয় খুহুতীয়া ৰচনাৰে ভৰা বিভিন্ন পেজসমূহত। কিন্তু এই সকলোৰে সীমা চেৰালে এটা অনলাইন গেমে, যাৰ উৎস হৈছে অভিনেতা গৰাকীৰ বিৰুদ্ধে দাখিল হৈ থকা হিট এণ্ড ৰাণ কেছটো।

মুম্বাই দেৱানী আদালতৰ ন্যায়াধীশ কে. এম. জয়স্বালে বৰ্তমান উপলব্ধ গেমটোৰ ভাৰ্শ্যনটোক সকলো উপলব্ধ স্থানৰ পৰা আঁতৰাই দিবলৈ আদেশ দিছে। তেওঁলোকে জনাই যে অভিনেতা চলমান খানে এই গেমৰ বাবে কেতিয়াও অনুমতি প্ৰদান কৰা নাছিল। আদেশ অনুসৰি, যদিহে কোনো লোকে এই কামৰ বাবে অনুমতি প্ৰদান কৰা নাই, যাৰ চেহেৰা আৰু তেওঁৰ ওপৰত ৰুজু গোচৰৰ গেমটোৰ সৈতে সাদিশ্য আছে তেন্তে, ই সেই ব্যক্তি জনৰ গোপনীয়তা বঞ্চিত কৰা হ'ব, লগতে সেই ব্যক্তিৰ প্ৰতিচ্ছবিৰ ওপৰতো লাঞ্চন লগোৱা হ'ব"।

ইতিমধ্যে যোৱা মাহতে অভিনেতা খানে এই গেমৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছিল। তেওঁ কয় যে নিৰ্মাতা সকলে বাণিজ্যিক লাভৰ বাবে তেওঁৰ নাম আৰু প্ৰতিচ্ছবি লুণ্ঠন কৰিছে।ন্যায়ালয়ে অভিনেতা জনৰ আবেদন মঞ্জুৰ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী সুনানি ২০ছেপ্তেম্বৰত তাৰিখে কৰিব বুলি জানিবলৈ দিয়ে।

আৰু পঢ়িব পাৰেঃ ১.৬ লাখ টকীয়া বেনাৰসী শাৰীত অপূৰ্ব ৰূপত অভিনেত্ৰী য়ামী গৌতম

Next Story
চাকৰি