"লাভ ষ্টৰী" শাৰীৰূপে ভাইৰেল হৈ পৰা সামন্থাৰ শাৰীখন
কিছু ব্যক্তিগত কাৰণতঃ এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে দুয়ো। আৰু এই সিদ্ধান্তক সদৰী কৰিছে তেওঁলোকৰ পৰিয়ালবৰ্গই।

দীৰ্ঘদিনীয়া প্ৰেম আৰু তাৰ পাছত স্বপ্ন সদৃশ এখন বিবাহ। টলিউডৰ দুই জনপ্ৰিয় তাৰকা এক হৈছিল, লগে লগে এক হৈছিল দুটি ভিন্ন পৰিয়াল। অনুৰাগীৰ সকলৰ মাজৰ আনন্দৰ জোৱাৰ উঠিছিল।
কিন্তু সপোন সপোন যেন লগা সকলোবোৰেই জানো সঁচা হয়?
ঠিক একেই এক বাস্তৱিক ৰূপান্তৰ লৈছিল এই প্ৰেম কাহিনীয়ে। ২০১৭ চনত আজিৰ দিনটোত অৰ্থাৎ ৭ অক্টোবৰত বিবাহপাশত আবদ্ধ হৈছিল টলিউদৰ জনপ্ৰিয় দুই অভিনেতা নাগা চৈতন্য আৰু সমান্থা ৰুথ প্ৰভু। কিন্তু এই বিবাহ ৪বছৰ অতিক্ৰম কৰিবলৈ নাপাওঁতেই, বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণে কৰে এই যুটিয়ে।

জানিবলৈ পোৱা মতে, কিছু ব্যক্তিগত কাৰণতঃ এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে দুয়ো। আৰু এই সিদ্ধান্তক সদৰী কৰিছে তেওঁলোকৰ পৰিয়ালবৰ্গই।
দুয়োৰে ৪বছৰীয়া বৈবাহিক জীৱনৰ আগৰ সময়ছোৱাৰ স্মৃতি ৰোমন্থন কৰি অভিনেত্ৰীগৰাকীয়ে আঙঠি পিন্ধোৱা দিনা পৰিধান কৰিছিল এখনি বিশেষ শাৰী য'ত খোদিত কৰা হৈছিল দুয়োগৰাকীৰে কিছু বিশেষ মূহুৰ্ত।

এই বিশেষ শাৰী খন ডিজাইন কৰিছিল কৃষা বাজাজে, আৰু ইয়াত বৰ্ণন কৰা হৈছিল চৈতন্য আৰু সমান্থাৰ প্ৰেম কাহিনী। শাৰী খনৰ আগ ভাগত এমব্ৰইডাৰিৰ সহায়ত দৰ্শোৱা হৈছিল চৈতন্যয়ে অভিনেত্ৰী গৰাকীক দিয়া বিবাহৰ প্ৰস্তাবৰ দৃশ্য, আৰু লগতে আছিল সোণালী তাঁৰেৰে বন্ধোৱা দুয়োৰে নাম। ইয়াৰ উপৰি শাৰী খনত সানিবিষ্ট হৈ আছিল দুয়োৰে কিছু বিশেষ মূহুৰ্ত। দুয়োৰে আঙঠি পিন্ধোৱাৰ পাছতেই "লাভ ষ্টৰী" শাৰী হিচাপে ভাইৰেল হৈ পৰিছিল এই শাৰী খন।
আৰু পঢ়িব পাৰেঃ মুকলি হ'ল "হাম দো হামাৰে ডু" টিজাৰ!