Begin typing your search above and press return to search.

মালদ্বীপত সমুদ্ৰ তীৰত অস্তমিত সূৰুযৰ সৌন্দৰ্য উপভোগ কৰিছে ছাৰা আলী খানে

ছাৰা আলী খানে তেওঁৰ ভাতৃ ইব্ৰাহীম আলী খানৰ সৈতে এই বছৰৰ ফেব্ৰুৱাৰীতো মালদ্বীপ ভ্ৰমণ কৰে

মালদ্বীপত সমুদ্ৰ তীৰত অস্তমিত সূৰুযৰ সৌন্দৰ্য উপভোগ কৰিছে ছাৰা আলী খানে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2021 8:32 AM GMT

চাৰা আলী খানে অলপতে মালদ্বীপ ভ্ৰমণ কৰে। অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এখন নতুন ছবি শ্বেয়াৰ কৰিছে য'ত তেওঁক মালদ্বীপৰ সমুদ্ৰ তীৰত ৰৈ অস্ত যোৱা সূৰ্য আৰু সাগৰৰ নীলিম সলিল উপভোগ কৰা দেখা গৈছে।

ছাৰা আলী খানে তেওঁৰ ভাতৃ ইব্ৰাহীম আলী খানৰ সৈতে এই বছৰৰ ফেব্ৰুৱাৰীতো মালদ্বীপ ভ্ৰমণ কৰে। সম্প্ৰতি পুনৰ তেওঁ মালদ্বীপ ভ্ৰমণ কৰিছে । অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিখনত তেওঁক সন্মুখত গাঁঠি থকা বগা চাৰ্টত ধুনীয়া দেখা গৈছে। তেওঁ ইয়াক এযোৰ ক'লা চৰ্টৰ সৈতে যোৰ কৰিছিল।

পোষ্টটোৰ শিৰোনাম দি অভিনেত্ৰীগৰাকীয়ে লিখিছে, "ভৱিষ্যতে ঘটিবলগীয়া আশ্চৰ্যকৰ ঘটনাবোৰৰ আশাত এজনে বতাহ আৰু সাগৰৰ শব্দ, এই মুহূৰ্তত উশাহ আৰু হৃদস্পন্দন শুনা নাই," ।


আৰু পঢ়িব পাৰেঃ নিউয়ৰ্কৰ এপাৰ্টমেণ্টৰ পৰা দৃশ্য উপভোগ কৰিছে সুহানা খানে

Next Story
চাকৰি