Begin typing your search above and press return to search.
মালদ্বীপৰ সমুদ্ৰৰ সৌন্দৰ্যত আত্মবিভোৰ ছাৰা আলী খান, ফটোৱে ক'লে বহু কথা
তদুপৰি তেওঁ এটা নতুন ভিডিঅ'ও শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ মুখ প্ৰাণখোলা হাঁহিৰে উপচ খাই থকা দেখা গৈছে।

সমুদ্ৰৰ সৌন্দৰ্যই মন মুহিছে অভিনেত্ৰী ছাৰা আলী খানৰ ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকী মালদ্বীপত আছে। যেন তেওঁ মালদ্বীপৰ সাগৰত সৌন্দৰ্যত আত্মবিভোৰ হৈ পৰিছে ! ২৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত মালদ্বীপৰ পৰা ফটো শ্বেয়াৰ কৰি আছে ৷ তদুপৰি তেওঁ এটা নতুন ভিডিঅ'ও শ্বেয়াৰ কৰিছে, য'ত তেওঁৰ মুখ প্ৰাণখোলা হাঁহিৰে উপচ খাই থকা দেখা গৈছে।
ভিডিঅ'টোত ছাৰাক নীলা চুইমৱেৰ পিন্ধা দেখা যায় আৰু ছাৰাই নীল সমুদ্ৰৰ সৌন্দৰ্যক প্ৰশংসা কৰিছে। ছ'চিয়েল মিডিয়াত আপলোড কৰা প'ষ্টৰ সৈতে ছাৰাই ত্ৰয়োদশ শতিকাৰ কবি-ইছলামিক পণ্ডিত ৰুমিৰ এটা উদ্ধৃতি দি লিখে: "আপুনি সাগৰত টোপাল নহয়। তুমি এটা টোপালত গোটেই সাগৰ ৷"
Next Story