ৰাখীবন্ধনৰ দিনা প্ৰয়াত ভ্ৰাতৃক সোঁৱৰণ কৰিলে অভিনেত্ৰী ছাবনা আজমীয়ে

প্ৰবীণ অভিনেত্ৰী ছাবনা আজমীয়েও টুইটাৰত শ্বেয়াৰ কৰিছে তেওঁৰ প্ৰয়াত ভাতৃ বাবা আজমীৰ সৈতে তোলা এখনি পুৰণি ফটো।
ৰাখীবন্ধনৰ দিনা প্ৰয়াত ভ্ৰাতৃক সোঁৱৰণ কৰিলে অভিনেত্ৰী ছাবনা আজমীয়ে
Published on: 

পবিত্ৰ ৰাখী বন্ধনৰ দিনটোত কালি ২২ আগষ্টত প্ৰয়াত ভ্ৰাতৃক সোঁৱৰণ কৰিলে প্ৰবীণ অভিনেত্ৰী ছাবনা আজমীয়ে নিজৰ প্ৰয়াত ভ্ৰাতৃক সোঁৱৰণ কৰে।  ক'ৰনা মহামাৰীকে বিভিন্ন সমস্যাৰ মাজতে সমগ্ৰ দেশতে  উত্সাহ-উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হয় পৱিত্ৰ ৰাখী বন্ধনৰ উৎসৱ। এই উপলক্ষে বিভিন্নজনৰ লগতে বহু অভিনেতা - অভিনেত্ৰীয়েও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কৰিছে নিজৰ ভাই- ভনীৰ সৈতে তোলা  ফটো। ৰাখী বন্ধন উপলক্ষে জেষ্ঠ অভিনেত্ৰী ছাবনা আজমীয়েও টুইটাৰত শ্বেয়াৰ কৰিছে তেওঁৰ প্ৰয়াত ভাতৃ বাবা আজমীৰ সৈতে তোলা এখনি পুৰণি ফটো।

অভিনেত্ৰীগৰাকীয়ে লিখিছে,  " ৰক্ষা বন্ধন উৎসৱৰ এই দিনটোত মোৰ মই মোৰ ভাতৃক সোঁৱৰি শোকাভিভুত হৈ পৰিছোঁ। তেওঁৰ মোৰ অনুপস্থিতিত কেতিয়াও বেলেগ কোনো নাৰীক ৰাখী পিন্ধাবলৈ দিয়া নাছিল।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com